আকৌ এবাৰ প্ৰিয়ংকা চোপ্ৰা (Priyanka Chopra)ই হলীউড প্ৰজেক্টৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। অভিনেত্ৰীগৰাকীক সোনকালেই 'দা মেট্ৰিক্স ৰিজাৰেকশ্যন ('The Matrix Resurrections')ত দেখা যাব। য'ত তেওঁক এগৰাকী শক্তিশালী মহিলাৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। প্ৰিয়ংকা বৰ্তমান তেওঁৰ এই ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ আছে। প্ৰিয়ংকা চোপ্ৰাক অলপতে ছবিখনৰ ষ্টাৰ কাষ্টৰ সৈতে গ্ৰীণ কাৰ্পেটত খোজ দিছিল য'ত তেওঁৰ লুকে বিশেষ চৰ্চা লাভ কৰে। (ফটো সৌজন্যঃ ইনষ্টাগ্ৰাম: @priyankachopra)