সেই সময়ত ঋত্বিক ৰোচন বিতৰ্কৰ প্ৰসংগত জাভেদ আখতাৰৰ বিৰুদ্ধে ঘৰলৈ মাতি নি ধমকি দিয়াৰ অভিযোগ তুলিছিল কংগনা ৰাণাৱটে।তেতিয়াই সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত নেপোটিজমৰ বিতৰ্কতো তেওঁক সাঙুৰি বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ আনিছিল জাভেদ আখতাৰে। তেওঁৰ মতে, কংগনাই তোলা এই ধৰণৰ অভিযোগৰ কাৰণে তেওঁ বিভিন্নজনৰ পৰা নানা ধৰণৰ মেছেজ আৰু দাবী-ধমকি টেলিফোনৰ যোগেদি পাইছিল। ফলত মানসিকভাবে যথেষ্ট ক্ষতি হৈছে জাভেদ আখতাৰৰ। সেই লৈ ছচিয়েল মিডিয়াত ট্ৰোল কৰাও হৈছিল আখতাৰক। সেই সময়তে কংগনাৰ বিৰুদ্ধে গোচৰ তৰিছিল জাভেদ আখতাৰে। (photo source collected)