মুম্বাইত monsoonৰ entry, ভাৰত বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে এইবাৰ মহাৰাষ্ট্ৰ, মুম্বাইত যথেষ্ট বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে এই বৰষুণ ১৩ জুনলৈ থকাৰ সম্ভাৱনা আছে। ইপিনে প্ৰথমজাক বৰষুণেই মুম্বাইৰ এনে দশা কৰিছে। মুষলধাৰ বৰষুণৰ ফলত ৰে'লৱে ট্ৰেকতো উঠিছে পানী যাৰ বাবে সকলোকে সতৰ্ক কৰি দিয়া হৈছে। ধাৰাসাৰ বৰষুণৰ আশংকাৰ মাজতআজি সাগৰত ৪.১৬ মিটাৰ ওখ জোৱাৰৰ খবৰ পোৱা গৈছে। পুইয়াৰ মাজতে, কাকো সাগৰৰ চাৰিওফালে যাবলৈ দিয়া হোৱা নাই। মুম্বাইত বাৰিষা প্ৰতি বছৰে ১০ জুনৰ পিছতহে আহে কিন্তু এই বছৰ বাৰিষাৰ সময়ৰ আগতে অহাটো ভাল বুলি গণ্য কৰা হৈছে। বতৰ বিভাগ কেন্দ্ৰৰ মতে প্ৰথম শনিবাৰেই মুম্বাইত বাৰিষা অহাৰ কথা আছিল । অৱশেষত মুম্বাইলৈ আহিল বাৰিষা। কিন্তু এদিনৰ বৰষুণতেই যেন উপচি পৰিছে মুম্বাইৰ বাট পথ।