এই প্ৰজন্মৰ অন্যতম এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈছে কিয়াৰা আদৱানী। অলপতে অভিনেত্ৰীগৰাকীক পেণ্টছুটৰ সাজত তোলা কেইখনমান ফটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এটা বেঙুনীয়া ব্লেজাৰৰ সৈতে এই ছুটত লাস্যময়ী হৈ পৰিছে কিয়াৰা আদৱানী। কিয়াৰাই পেণ্টছুটৰ লগত ষ্টিলটোৰ জোতা পিন্ধিছে। এই সাজত কিয়াৰাক বিৰাট স্মাৰ্ট দেখা গৈছে। ৰঙা পেণ্টছুটত গৰ্জিয়াছ কিয়াৰা। এই ৰূপ দেখিলে শীতকালতো পাৰা দ্ৰুতগতিত বাঢ়িব। ক'লা আৰু বগা কৰ্পোৰেট লুকত কিছু ধুনীয়া আৰু স্মাৰ্ট দেখা গৈছে কিয়াৰাক। চকু কাঢ়ি নিয়া যেন লাগিছে ষ্টীলটো বুটেযোৰে । নিয়ন হালধীয়াত কিয়াৰাক ৰাতিপুৱাৰ সূৰ্যমুখী ফুল এপাহৰ দৰেই লাগিছে। অভিনেত্ৰীগৰাকীৰ এই উজ্জ্বল চেহেৰাই নেটিজেনসকলকো ভালকৈয়ে প্ৰভাৱিত কৰিছে। ডেনিম পেণ্টছুটত হট কিয়াৰা। এই পোছাকত তেওঁৰ সুন্দৰ ফিগাৰ পৰিষ্কাৰকৈ দেফা গৈছে। এক সম্পূৰ্ণ বেলেগ অৱতাৰত কিয়াৰা আদৱানী । ডেনিমৰ লগত মেটেলিক জেকেট পিন্ধি আছে অভিনেত্ৰীগৰাকীয়ে। এই পোছাকত কিয়াৰা আদৱানীয়ে যেন উষ্ণতাহে বঢ়াইছে। অভিনেত্ৰীগৰাকীয়ে এনিমেল প্ৰিণ্টেড পেণ্ট আৰু ইয়াৰ লগত মিলাই এটা ব্ৰালেট পৰিধান কৰিছে। ব্লেজাৰ ড্ৰেছত কিয়াৰা আদৱানীক আৰু গ্লেমাৰাছ দেখাইছে । Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese