কেটৰিনা কাইফ আৰু বিকি কৌশলৰ বিয়া (Katrina Kaif & Vicky Kaushal Wedding)ৰ ৰীতি-নীতি আজিৰ পৰা আৰম্ভ হৈছে। দুয়ো যোৱা নিশাই ৰাজস্থানৰ বিবাহৰ গন্তব্যস্থানত উপস্থিত হৈছিল। বিবাহৰ সময়সূচীৰ সম্পূৰ্ণ বিৱৰণো এতিয়া জানিব পৰা গৈছে। কেটৰিনা কাইফ-বিকি কৌশলৰ বিয়া ছিক্স ছেঞ্চ বৰৱাৰা ফৰ্ট হোটেল (Six Sense Barwara Fort Hotel)ত ৰাজশাহী ৰীতি -নীতিৰে অনুষ্ঠিত হ'ব। এই বিবাহ অনুষ্ঠানটো সম্পূৰ্ণ গোপনীয় ৰখা হৈছে। কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। গতিকে আহক চাওঁ এই দম্পতীৰ বিবাহস্থলীৰ কিছুমান বিশেষ ফটো। (Katrina Kaif & Vicky Kaushal Wedding Venue Photos) (ফটো সৌজন্য : নিউজ১৮)
অনুষ্ঠানৰ নিৰ্ধাৰিত সময় সূচি অনুসৰি, আজি ৰাতি এটা সংগীত অনুষ্ঠান আছে। ইয়াৰ পিছত বুধবাৰে পুৱা ১১ বজাত হালধি লগোৱা অনুষ্ঠান হ'ব। ইয়াৰ পিছত মেহেন্দি লগোৱা অনুষ্ঠান হ'ব। তাৰ আগতে ৮ৰ পৰা ১০ বজাৰ ভিতৰত পুৱাৰ আহাৰ কৰা হ'ব। সন্ধিয়া ৰাতিৰ আহাৰৰ পিছত নিশাৰ পাৰ্টি ৰখা হৈছে। বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত বিয়াৰ অনুষ্ঠানটো আৰম্ভ হ'ব। তাৰ পিছত বিবাহ অনুষ্ঠানৰ পাৰ্টি নিশা লৈকে চলি থাকিব। এই সময়ছোৱাত কঠোৰ নিৰাপত্তা ব্যৱস্থা থাকিব। (ফটো সৌজন্য : নিউজ১৮)