কৰণ জোহৰ (Karan Johar) হৈছে বলীউডৰ এজন বিখ্যাত প্ৰযোজক যি প্ৰায়ে তেওঁৰ ছবিসমূহৰ বাবেই হওক বা তেওঁৰ বক্তব্যৰ বাবেই হওক নাইবা সামাজিক মাধ্যমৰ পোষ্টবোৰৰ বাবে প্ৰায়ে চৰ্চাত থাকে। কৰণ জোহৰে নতুন বছৰৰ প্ৰথম দিনাই এটা অদ্ভুত ধৰণৰ পোছাক পৰিধান কৰি তেওঁৰ কিছুমান ফটো শ্বেয়াৰ কৰিছিল। ছচিয়েল মিডিয়া য়ুজাৰসকলে সেই ফটোবোৰ দেখাৰৰ পিছত তেওঁক ট্ৰ'ল খুব কৰা দেখা গৈছে।
এই ফটোবোৰ শ্বেয়াৰ কৰি কৰণে কেপছনত লিখিছে, 'সকলোতকৈ ভব্য প্ৰবাস... সৰ্বশ্ৰেষ্ঠ আতিথ্য,সৰ্বোত্তম আহাৰ আৰু সৰ্বোত্তম সম্পত্তি যি আপোনাক কোনো হোটেলতহে পোৱা যাব'। তেওঁ ইয়াৰ লগতে সূৰ্যগড় হোটেলক টেগ কৰি হোটেলখনৰ প্ৰতি প্ৰশংসা জাহিৰ কৰে। কৰণে ইয়াৰ পিছত লিখে, এই প্ৰবাসটো ইমান সুন্দৰকৈ নিৰ্মাণ কৰা সকলোলৈকে ধন্যবাদ।'
কৰণৰ গাত শ্বলখন দেখাৰ পিছত মানুহে শোলেৰ ঠাকুৰলৈ আকৌ এবাৰ মনত পেলাই। বহু অনুৰাগীয়ে মন্তব্য কৰি লিখেয়ে পেলালে, 'ইয়ে হাথ মুঝে দে দে ঠাকুৰ।' এজন অনুৰাগীয়ে লিখিছে, ' বেচেৰাৰ চুৱেটাৰটো ফাটিছে, কোনোবাইটো তেওঁক কওঁক'। আন এজনে লিখিছে, 'তৌবা-তৌবা গোটেই মুড নষ্ট কৰি দিলে'। আন এজন অনুৰাগীয়ে লিখিছে, 'এই দৰিদ্ৰ লোকজনক এটা ভাল চুৱেটাৰ দি সহায় কৰক'।
উল্লেখ্য যে কৰণ জোহৰে তেওঁৰ নতুন ছবি 'ৰকি এণ্ড ৰাণী কি প্ৰেম কাহানী'ৰ বাবে বৰ্তমান শিৰোনাম দখল কৰি আছে। তেওঁ নিজেই এই ছবিখন পৰিচালনা কৰিছে । ইয়াত ৰণবীৰ সিঙৰ সৈতে মুখ্য চৰিত্ৰত আলিয়া ভাটে অভিনয় কৰিছে। ইয়াৰ উপৰিও ধৰ্মেন্দ্ৰ, শাবানা আজমী আৰু জয়া বচ্চনৰ দৰে কিংবদন্তি তাৰকাও ছবিখনৰ অংশ। (ফটো সৌজন্য-@karanjohar/Instagram)