ভাৰতী সিঙে এই ফটোখনত প্ৰথমবাৰৰ বাবে তেওঁৰ বেবী বাম্প দেখুৱাইছে। এই ফটোখন পোষ্ট কৰি তেওঁ ছ'চিয়েল মিডিয়া অনুৰাগীসকলক সুধিছে, 'ছাণ্টা আহিব নে শান্তি ? আপুনি কি ভাবে, শীঘ্ৰে কমেণ্ট কৰি জনাওক '। ভাৰতীৰ এই পোষ্টটোত তেওঁৰ অনুৰাগীসকলে খুব আনন্দ পাইছে। অনুৰাগীসকলেও বিভিন্ন মন্তব্য কৰি তেওঁলোকৰ মতামত দিছে। (ফটো instagram/@bharti.laguhterqueen)
ভাৰতীয়ে সাক্ষাৎকাৰটোত এইটোও কৈছিল যে তেওঁ যিমান কঠিন পৰিশ্ৰম কৰি আছে, তেওঁ বিচাৰে তেওঁৰ সন্তানো সিমানেই কৰ্মঠ হওক । তেওঁ কৈছিল যে তেওঁ এই মুহূৰ্ততো অধিক কাম কৰাৰ কাৰণ হৈছে,যেতিয়া তেওঁৰ সন্তানে জন্মলাভ কৰিব, যাতে তেওঁ তেওঁৰ সৈতে অধিক সময় কটাব পাৰে। (ফটো কৃতজ্ঞতা : instagram/@bharti.laguhterqueen)