কেতিয়াবা বহু চেলিব্ৰিটি হঠাতে ৰাজহুৱা জীৱনৰ পৰা বহু আঁতৰ হৈ পৰে। ববী ডাৰ্লিং (Bobby Darling)কো দীৰ্ঘ সময় ধৰি পৰ্দাত দেখা পোৱা নাই। এসময়ত বহু চিনেমাত সমকামীৰ চৰিত্ৰত অভিনয় কৰা ববী ডাৰ্লিঙেও তেওঁৰ লিংগ পৰ্য্যন্ত সলনি কৰি পেলাইছিল। ববী ডাৰ্লিঙৰ প্ৰকৃত নাম পাখী শৰ্মা। তেওঁ বিবাহিত আছিল কিন্তু তেওঁৰ বিবাহিত জীৱন যথেষ্ট বেদনাদায়ক আছিল। পিছত তেওঁৰ পেৰালাইছিচ হৈছিল। ববী ডৰ্লিঙক "বিগ বছ-১"ত দেখা গৈছিল। ববী ডাৰ্লিং পৰ্দাৰ পৰা আঁতৰি থাকিলেও, ইনষ্টাগ্ৰামত নিজৰ ফটো শ্বেয়াৰ কৰি থাকে। (ফটো: darlingbobby/instagram)
বৰ্তমান ববী ডাৰ্লিং দেখিবলৈ পূৰ্বতকৈ বহুত বেলেগ হ'ল । তেওঁৰ সৰহ সংখ্যক ফটোত সধাৰণভাৱে দেখা যায় আৰু বেছিভাগ ফটোতে অতি কম মেকআপ কৰা দেখা যায়। সদায় মৰমলগা আৰু গ্লেমাৰাছ আন্দাজত দেখি অহা ববী ডাৰ্লিং, এতিয়া আগতকৈ মেচিউৰড আৰু অলপ বয়সৰ প্ৰভাৱ পৰা দেখা গৈছে। কিন্তু, তাৰ পাছতো, তেওঁৰ কিউটনেছ হ্ৰাস হোৱা নাই। (ফটো সৌজন্য: darlingbobby/instagram)
ববী ডাৰ্লিং যদিও এগৰাকী চেলিব্ৰিটী কিন্তু তেওঁৰ জীৱন যথেষ্ট সংগ্ৰাম আৰু সংঘৰ্ষৰে ভৰা। ছবি জগতলৈ অহাৰ আগতে ববী ডাৰ্লিং বাৰত ডান্সাৰ আছিল। তেওঁ বিয়া কৰাইছিল কিন্তু বিয়াখন বেছি দিন স্থায়ী হৈ নহ'ল। বিয়াৰ নামত তেওঁক কেৱল অত্যাচাৰ কৰাহে হৈছিল আৰু শাৰীৰিক আৰু মানসিকভাবে কষ্ট পাইছিল। (ফটো সৌজন্য: darlingbobby/instagram)
এটা সময় আছিল যেতিয়া তেওঁৰ জীৱন চুড়ান্ত দুখ-বেদনাৰে ভৰি পৰিছিল। ববী ডাৰ্লিঙৰ পেৰালাইছিচ হৈছিল। কিন্তু, তেওঁ হাৰ মনা নাছিল আৰু তেওঁৰ জীৱনত এক প্ৰচণ্ড প্ৰত্যাৱৰ্তন কৰিছিল। লিংগ সলনি কৰাৰ পিছত, তেওঁ বহুতো চলচ্চিত্ৰত সমকামীৰ চৰিত্ৰত অভিনয় কৰিছিল। এনেদৰে ববী ডাৰ্লিঙে নিজৰ এক পৃথক পৰিচয় গঢ়ি তুলিছিল। (ফটো সৌজন্যঃdarlingbobby/instagram)