এসময়ৰ বিশ্বসুন্দৰী (Miss World) বলীউড (Bollywood)ৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায় (Aishwarya Rai) আজি বচ্চন পৰিয়ালৰ বোৱাৰী। ঐশ্বৰ্যক অমিতাভ বচ্চন (Amitabh Bacchan)ৰ পুত্ৰ অভিষেক বচ্চন (Abhishek Bacchan)ক বিয়া কৰাবলৈ মানা কৰা হৈছিল। দুয়োগৰাকী (Abhishek Aishwarya Romance)ৰ বলীউডৰ চেলেব দম্পতীসকলৰ মাজত যথেষ্ট জনপ্ৰিয় এটি যুটি। (ফাইল ফটো)
ঐশ্বৰ্যই (Aishwarya Rai) ইতিমধ্যে অভিষেকৰ সৈতে বিবাহিত জীৱনৰ ১৩ বছৰ অতিবাহিত কৰিছে। ঐশ্বৰ্য ৰায় বচ্চনে ২০০৭ চনৰ এপ্ৰিল মাহৰ ২০ তাৰিখে অভিষেক বচ্চনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। প্ৰেমৰ পৰা বিবাহলৈকে, বচ্চন পৰিয়াল সদায়ে চৰ্চাত থাকে। শেহতীয়াকৈ, অভিষেক বচ্চন ঐশ্বৰ্য ৰায় বচ্চন (Abhishek Aishwarya Romance)ক লৈ কিছুমান উৰাবাতৰি ওলাইছে।( সাংকেতিক ছবি)
২০০৭ চনত বচ্চন পৰিয়ালৰ বোৱাৰী হৈছিল ঐশ্বৰ্য ৰায়। দুয়োজনে তেতিয়াৰ পৰা দীৰ্ঘ ১৪ বছৰ ধৰি একেলগে বাস কৰি আছে। যদিও সম্পৰ্কত দুয়ো স্বামী-স্ত্ৰী (Abhishek Aishwarya Romance) কিন্তু কেমেৰাৰ সন্মুখত বা অনস্ক্ৰীণত কোনেও ইজনে সিজনক আজি পৰ্য্যন্ত চুমা খোৱা নাই। বলীউডৰ প্ৰায় সকলোবোৰ ছবিতে নায়ক-নায়িকাৰ চুম্বনৰ দৃশ্য দেখুওৱা হয়। এনে ক্ষেত্ৰত অভিষেক-ঐশ্বৰ্যৰ যুটিটোৱে এতিয়ালৈকে ৰূপালী পৰ্দাত এনে চুম্বনৰ দৃশ্য কৰা দেখা পোৱা নাই । (সাংকেতিক ছবি)
অভিষেকে কয়, "ভাৰতত, বাহিৰৰ দেশৰ দৰে একেবাৰে ঘনিষ্ঠ দৃশ্য কৰাটো খুব এটা গ্ৰহণযোগ্য নহয়। হলীউডৰ ছবিবোৰত ইজনে সিজনৰ প্ৰতি প্ৰেম দেখুৱাবলৈ চুম্বনৰ দৃশ্য প্ৰদৰ্শন কৰে। কিন্তু বলীউডত সেইটো কৰাটো কিছু কঠিন। কাৰণ ভাৰতীয় মনোৰঞ্জন উদ্যোগত অনস্ক্ৰীণত চুম্বন দৃশ্য কৰিলেই সেই অভিনেতা আৰু অভিনেত্ৰীগৰাকীক লৈ বহুত গুজৱ চলে। (সাংকেতিক ছবি)