জুবিন গাৰ্গ কিয় গৈছিল মুখ্যমন্ত্ৰীৰ ওচৰলৈ? মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গৰ এখন ফটোক লৈ এতিয়া তোলপাৰ ছচিয়েল মিডিয়া। মুখ্যমন্ত্ৰীৰ সৈতে এই ফটোখনক লৈ একাংশ লোকে ট্ৰ’ল কৰাও দেখা গৈছে। কিন্তু জুবিন গাৰ্গ আচলতে কিয় গৈছিল মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ? সেই কথা নজনাকৈয়ে একাংশ লোকে ছচিয়েল মিডিয়াত বিভিন্ন মন্তব্য কৰা পৰিলক্ষিত হৈছিল। ইয়াৰ প্ৰত্যুত্তৰ দিলে জুবিন গাৰ্গে।
সোমবাৰৰ ‘আমাৰ অসম’ কাকতত জুবিন গাৰ্গে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কাকতখনত জুবিনে লিখিছে যে মুখ্যমন্ত্ৰীক সাক্ষাতৰ সময়ত পত্নী গৰিমাৰ লগতে বৃন্দাবন থিয়েটাৰৰ মালিকো উপস্থিত আছিল। এক দীৰ্ঘদিনীয়া পৰিকল্পনাৰ প্ৰসংগ লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল। অসমৰ থলুৱা বস্তুবোৰ লৈ এক অৰ্থনৈতিক আন্দোলনৰ সপোন দেখিছে জুবিনে। এই পৰিকল্পনা সফল কৰিব পাৰিলে বহু ল’ৰা–ছোৱালীয়ে সংস্থাপন পাব। সেই পৰিকল্পনাটোৰ কামতেই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা বুলি উল্লেখ কৰে জুবিনে। ফাইল ফটো

জুবিনে লিখিছে – ‘‘এই কামটোৰ বাদেও সৰ্বাদাক বানপানীৰ কথা সুধিছো। লকডাউন আরু কোৰোণাত বিধ্বস্ত শিল্পী আৰু কলা–কুশলীসকলৰ কাৰণেও কিবা এটা কৰিবলৈ কৈ আহিছো। চৰকাৰে ৰাইজৰ বাবে কাম কৰিবই লাগিব। আমাৰ সংস্কৃতিৰ লগতে বাণিজ্য আৰু অৰ্থনীতিৰো বিকাশ হ’ব লাগিব। অসম আৰু অসমীয়াৰ স্বাৰ্থত দিছপুৰেও আগবঢ়াব লাগিব সহায়ৰ হাত। সকলোতে ৰাজনীতি নহ’ব। মাটি আৰু মানুহ ৰাজনীতিতকৈ ডাঙৰ।’’
ফাইল ফটো
‘‘অসম আৰু অসমীয়া মানুহৰ বাবে যেতিয়াই প্ৰয়োজন মাত মাতিছো। ‘কা’ আন্দোলনৰ সময়ত অসমীয়া মানুহৰ হৈ মুখ্যমন্ত্ৰীক গালি পাৰিছো। এতিয়া এটা বিশেষ কামত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছো। কোন মুখ্যমন্ত্ৰী সেইটো ডাঙৰ কথা নহয়, কিন্তু অসমৰ কামত আহিব পৰা কাম এটাত মুখ্যমন্ত্ৰীক লগ ধৰি আমাৰ কথাবোৰ ক’ব লাগিব। অসম আৰু অসমীয়াৰ স্বাৰ্থত প্ৰয়োজনত আন্দোলন কৰিছো, প্ৰয়োজনত দিছপুৰৰো ওচৰ চাপিম।’’ – মন্তব্য জুবিনৰ।
ফাইল ফটো
‘কা’ তেতিয়াও মনা নাই, এতিয়াও নামানো বুলি উল্লেখ কৰি জুবিনে আৰু লিখিছে যে অসমৰ কামত আহিব পৰা প্ৰকল্প এটাৰ কাৰণে মুখ্যমন্ত্ৰীক লগ ধৰিছো। মই তেওঁৰ ঘৰলৈ ভাত খাবলৈ যোৱা নাই। নিজৰ কামৰ কাৰণে যোৱা নাই। কোৰোণাই চাৰিওফালে অৱস্থা বেয়া কৰিছে। বানপানীতো বহুত মানুহ মৰিছে। অসমীয়া মানুহৰ কঁকাল ভাঙি গৈছে। এতিয়া আন্দোলনৰ লগতে ৰাজহাড়ডালো পোনাই ৰাখিবৰ বাবেও যুঁজিব লাগিব। ফাইল ফটো