সৰু এলপিজি ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ! এতিয়াৰ পৰা গেছ চিলিণ্ডাৰৰ বাবে চিন্তা কৰিব নালাগে। শীঘ্ৰেই ৰেছন দোকানৰ পৰা ক্ৰয় কৰিব পাৰিব সৰু চিলিণ্ডাৰ। ৰেছন দোকানৰ মাধ্য়মেৰে আৰ্থিক সেৱা আৰু সৰু চিলিণ্ডাৰ বিক্ৰী কৰাৰ বিষয়ে পৰ্যালোচনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। এক মিডিয়া ৰিপোৰ্ট অনুসৰি, চৰকাৰী ৰেছন দোকানৰ আৰ্থিক সেৱা দিয়াৰ বাবে ফুড চেক্ৰেটেৰী সুধাংশু পাণ্ডেই সম্প্ৰতি বিভিন্ন ৰাজ্য চৰকাৰৰ বিষয়াৰ সৈতে ভাৰ্চুৱেল বৈঠক কৰিছিল। বৈঠকত প্ৰস্তাৱ ৰখা হৈছিল। পেট্ৰোলিয়াম সংস্থাৰ সৈতে বৈঠকঃ ইলেক্ট্ৰনিক এণ্ড আইটি, ফাইনেন্স আৰু পেট্ৰোলিয়াম এণ্ড নেচনেল গেছ মন্ত্ৰণালয়ৰ অধিকাৰীসকল এই বৈঠকত উপস্থিত আছিল। IOCL, BPCL, HPCL আৰু CSCৰ বিষয়াও উপস্থিত আছিল বৈঠকত। অইল মাৰ্কেটিং সংস্থাৰ প্ৰতিনিধিয়ে চৰকাৰী ৰেছন দোকানৰ পৰা সৰু এলপিজি চিলিণ্ডাৰ বিক্ৰীৰ প্ৰস্তাৱ দিছে। প্ৰস্তাৱত ইচ্ছুক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এই প্ৰজেক্টৰ বাবে দৰকাৰী সহায়তা প্ৰদান কৰা হ'ব। লাভ কৰিব মুদ্ৰা লোনৰ সুবিধাঃ চৰকাৰী ৰেছন দোকানৰ জৰিয়তে আৰ্থিক সেৱা বা বিক্ৰীৰ প্ৰস্তাৱ ডিপাৰ্টমেণ্ট অৱ ফাইনেন্সিয়েল চাৰ্ভিচেচৰ প্ৰতিনিধিয়ে জনাইছে যে, ইচ্ছুক ৰাজ্যসমূহৰ সৈতে কো-অৰ্ডিনেট কৰি সহায়তা প্ৰদান কৰা হ'ব। ৰেছন দোকানৰ মাধ্যমেৰে মুদ্ৰা লোন দিয়াৰ বিষয়ে চিন্তা কৰিছে চৰকাৰে।