চাট কৰোঁতে প্ৰতিটো শব্দত ইমোজি (Emoji) যোগ কৰিবলৈ ভাল পায়? কেতিয়াবা কথা নক’লেই কেৱল ইমোটিকনবোৰে বুজাই দিয়ে আপুনি কি ক’ব বিচাৰে? ১৭ জুলাই দেওবাৰে বিশ্ব ইমোজি দিৱস (World Emoji Day)ৰ পূৰ্বে এক সমীক্ষাত প্ৰকাশ পাইছে যে ভাৰতীয়সকলে বেছিভাগ ইমোজিৰ অৰ্থ নাজানে! প্ৰায় ৫৮ শতাংশ লোকে কয় যে তেওঁলোকে কিছুমান একাধিক ইমোজিৰ বিশেষ অৰ্থ নাজানে।