পুৰুষৰ দৰে মহিলা নাগা সাধুসকলৰ জীৱনো সম্পূৰ্ণৰূপে ঈশ্বৰৰ প্ৰতি সমৰ্পিত হয়। তেওঁলোকৰ দিনটোৰ আৰম্ভণি আৰু শেষ দুয়োটাই পূজা আৰু উপাসনাৰ সৈতে হয়। যেতিয়া এগৰাকী মহিলা নাগা সাধু হয়, সকলো সাধু আৰু সাধ্বীয়ে তেওঁক মাতৃ জ্ঞান কৰে। মহিলা নাগা সাধুসকলে তেওঁলোকৰ মূৰত তিলক লগাব লাগে। তেওঁলোকক একেখন কাপোৰ পিন্ধিবলৈ অনুমতি দিয়া হয়, যিখন গেৰুৰ ৰঙৰ হয়। নাগা সাধু হোৱাৰ আগতে এগৰাকী মহিলাই ৬ৰ পৰা ১২ বছৰৰ বাবে ব্ৰহ্মচাৰ্য পালন কৰিব লাগে। যেতিয়া মহিলাগৰাকীয়ে এনে কৰাত সফল হয় তাৰ পিছত তেওঁক তেওঁৰ গুৰুৱে নাগা সাধ হ'বলৈ অনুমতি দিয়ে। নাগা সাধু হোৱাৰ আগতে মহিলাগৰাকীৰ অতীত জীৱনৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হয়। মহিলাগৰাকী সম্পূৰ্ণৰূপে ঈশ্বৰৰ প্ৰতি সমৰ্পিত হয় নে নহয় আৰু তেওঁ নাগা সাধু হৈ কঠোৰ সাধনা কৰিব পাৰিবনে নাই সেয়া জানিবলৈ এনে কৰা হয়। নাগা সাধু হোৱাৰ সময়ত এগৰাকী মহিলাই প্ৰমাণ কৰিব লাগিব যে তেওঁ সম্পূৰ্ণৰূপে ঈশ্বৰৰ প্ৰতি সমৰ্পিত আৰু তেওঁৰ সাংসাৰিক সুখৰ প্ৰতি কোনো আসক্তি নাই। নাগা সাধু হোৱাৰ আগতে এগৰাকী মহিলা সন্ন্যাসীয়ে নিজৰ পিণ্ড দান কৰিব লাগে আৰু অতীত জীৱন এৰিব লাগে। মহিলা নাগা সাধু বনোৱাৰ প্ৰক্ৰিয়াটো আখৰাৰ সৰ্বোচ্চ কাৰ্যবাহী আচাৰ্য মহামণ্ডলেশ্বৰে সম্পূৰ্ণ কৰে। মহিলাসকলে নাগা সাধু হোৱাৰ সময়ত প্ৰথমে মুণ্ডন কৰিব লাগে আৰু তাৰ পিছত পবিত্ৰ নদীত স্নান কৰিব লাগে। এইটো তেওঁলোকৰ সাধাৰণ মহিলাৰ পৰা নাগা সাধু হোৱাৰ প্ৰথম প্ৰক্ৰিয়া। মহিলা আৰু পুৰুষ নাগা সাধুসকলৰ মাজত মাত্ৰ এটাই মূল পাৰ্থক্য আছে। পুৰুষ নাগা সাধুসকল সম্পূৰ্ণ উলংগ হৈ থাকে আনহাতে মহিলা নাগা সাধুসকলে তেওঁলোকৰ শৰীৰটো গেৰুৱা ৰঙৰ বস্ত্ৰৰে ঢাকি ৰাখে। এই মহিলাসকলে কুম্ভ স্নানৰ সময়ত উলংগ হৈ গা ধুব নালাগে। গা ধোৱাৰ সময়তো তেওঁলোকে এই গেৰুৱা কাপোৰ পিন্ধি থাকিব পাৰে। মহিলা নাগা সাধুসকলেও পুৰুষ নাগা সাধুৰ দৰে একে সন্মান লাভ কৰে। তেওঁলোকে নাগা সাধুসকলৰ সৈতে কুম্ভৰ পবিত্ৰ স্নানত উপস্থিত হয়। অৱশ্যে মহিলাসকলে পুৰুষ নাগা সাধুৱে গা ধোৱাৰ পিছতহে গা ধুবলৈ নদীত নামি যায়।