বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী ছানী লিয়নী ছচিয়েল মিডিয়াত অত্যন্ত এক্টিভ। ছানীৰ দেশজুৰি আছে কোটি কোটি অনুৰাগী। নিজৰ বোল্ড অভিনয়, আকৰ্ষণীয় সৌন্দৰ্যই সকলোকে মোহিত কৰি আহিছে অভিনেত্ৰীগৰাকীয়ে। পৰ্ণ ছবিৰ পৰা বলীউদত প্ৰৱেশ কৰা ছানী লিয়নী মাজে সময়তে বিতৰ্কতো সোমাই পৰা দেখা যায়। কেইবছৰ মান পূৰ্বে অভিনেত্ৰীগৰাকীৰ এটা বিশেষ মন্তব্য এতিয়া পুনৰ চৰ্চিত হৈ পৰা দেখা গৈছে। বলীউদত প্ৰৱেশ কৰাৰ পিছতে এটা ইণ্টাৰভিওত ছানী লিয়নীয়ে আক্ষেপ প্ৰকাশ কৰি কৈছিল যে. বলীউদৰ বহু তাৰকা অভিনেতাই মোৰ সৈতে অভিনয় কৰাতো তেওঁলোকৰ পত্নীয়ে নিবিচাৰে। কাৰণ মোকলৈ তেওঁলোকে অসুৰক্ষিত অনুভৱ কৰে। কিন্তু এনে মানসিকতা থকাতো অনুচিত। কাৰণ মোৰো স্বামী আছে। আৰু আমাৰ যথেষ্ঠ সুখৰ সংসাৰ। ছানী লিয়নীৰ এই ইণ্টাৰভিওটো শেহতীয়াকৈ পুনৰ চৰ্চিত হৈ পৰিছে। বহুতে অভিনেত্ৰীগৰাকীৰ এই মন্তব্যক মিমৰ ৰূপেৰে পুনৰ আলোচনা কৰা দেখিবলৈ পোৱা গৈছে। ছানী লিয়নী বৰ্তমান স্বামী ডেনিয়েলৰ সৈতে মুম্বাইতে থাকে। তেওঁলোকৰ আছে তিনিটাকৈ সন্তান।