আজি ৪৩ বছৰীয়া হ'ল বীৰেন্দ্ৰ সেহৱাগ। নজফগড়ৰ নবাব কিন্তু খেলপথাৰৰ লগতে ঘৰতো বেছ জনপ্ৰিয়। কেৱল সমৰ্থকৰ কাষতে নহয়, সেহৱাগ পৰিয়ালৰ লোকৰ মাজতো হিৰো। আৰু সেয়া বীৰুৰ পত্নী আৰতীয়ে বুজাই দিলে এটা পোষ্টৰ জৰিয়তে। আৰতী সেহৱাগেও স্বামীক জনালে জন্মদিনৰ শুভেচ্ছা। ছচিয়েল মিডিয়াত তেওঁ লিখিছে যে, বহুতৰে জীৱন সলনি কৰি দিছে। পৰিয়ালৰ আটাইয়েই তোমাক লৈ গৰ্বিত। অত্যন্ত পৰিশ্ৰমী এজন মানুহক জন্মদিনৰ শুভেচ্ছা। মেচৰ বাহিৰত কিন্তু বীৰু এজন পৰিয়ালকেন্দ্ৰিক মানুহ। বেছিভাগ সময় পত্নী, দুই পুত্ৰৰ সৈতেই কটায়। ২০০৪ চনত আৰতীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল সেহৱাগ। কম বয়সৰ পৰাই আৰতীৰ সৈতে কথা বতৰা হৈছিল ছেহৱাগৰ। আৰু দুয়োজনেই বছৰৰ পিছত বছৰ পৰস্পৰৰ সৈতে যোগাযোগ ৰাখিছিল। ছেহৱাগ আৰু আৰতীৰ বিয়াৰ অনুষ্ঠান হৈছিল প্ৰয়াত কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীৰ বাসভৱনত। ২০০৭ চনত সেহৱাগৰ প্ৰথম সন্তানৰ জন্ম হয়। পুত্ৰৰ নাম আৰ্যবীৰ। ২০১০ চনত জন্ম হয় তেওঁলোকৰ দ্বিতীয় পুত্ৰ বেদান্তৰ।