একাংশ মানুহ আছে যিসকলৰ গাড়ীত উঠিলেই টোপনি ধৰে। বয়স নিৰ্বিশেষে এই প্ৰৱণতা দেখা যায়। ইয়াৰ প্ৰধান কাৰণ তেওঁলোকৰ পৰ্যাপ্ত টোপনি নহয়। তদুপৰি ফুৰিবলৈ যোৱাৰ আনন্দ আৰু উত্তেজনাত কিছুদিন ধৰি ভালদৰে টোপনি নামাৰে। ফলত গাড়ীত উঠিলেই টোপনি আহে। গাড়ীৰ গতি বা ৰে’লৰ দুলনিত বহুতৰে চকুলৈ টোপনি নামি আহে। তাৰ উপৰি গাড়ীৰ আসনৰ আৰামো টোপনিৰ বাবে সহায়ক। লগতে গাড়ীত দীৰ্ঘ সময় যাত্ৰা কৰিলে একঘেয়ামিৰ ফলতো টোপনি আহে। বায়’লজিকেল ঘড়ীও টোপনিৰ বাবে দায়ী। দিনৰ যি সময়ত আপুনি টোপনি মাৰে, সেই সময়ত গাড়ীত যাবলগীয়া হ’ল টোপনি আহিব পাৰে। গাড়ীৰ ইঞ্জিনৰ শব্দক বিজ্ঞানীসকলে কয় ‘হোৱাইট নইজ’। এই শব্দত বহুতৰে টোপনি আহে। এতিয়া প্ৰশ্ন হ’ল, বহুতেই গাড়ীত টোপনি না়যায়। তাৰ কাৰণ কি? বিজ্ঞানীসকলৰ ধাৰণা, সকলোৰে টোপনিৰ প্ৰয়োজন সমান নহয়। তাৰ উপৰি বিছনাত ঠিকমতে নুশুলে বহুতৰে টোপনি নাহে। বিভিন্ন ধৰণৰ শ্লিপিং পেটাৰ্নৰ বাবে সকলোৱে চলন্ত গাড়ীত টোপনি মাৰিব নোৱাৰে।