ক্ৰমশ উত্তৰ বহী দেখাৰ মান আৰু মাপকাঠি সলনি হৈছে। কোনো এটা সময়ত ৬০ শতাংশ নম্বৰ বা প্ৰথম শ্ৰেণীৰ গুণগত মানৰ নম্বৰক বহু বেছি প্ৰাধান্য আৰু গুৰুত্ব দিয়া হৈছিল।
3/ 7
পিছত সেই স্থান ক্ৰমে দখল কৰি লয় ৮০ শতাংশ নম্বৰে। আজিৰ পৰা দেৰ বা দুই দশকৰ পূৰ্বেও মাধ্যমিক বা উচ্চ মাধ্যমিকত কোনো বিষয়ত ৮০ শতাংশ নম্বৰ পালে পৰীক্ষাৰ্থীক মেধাৱী বুলি ধৰি লোৱা হৈছিল।
4/ 7
কোনো বিষয়ত ৮০ শতাংশ বা তাৰ বেছি নম্বৰ পালে তাক কোৱা হয় ‘লেটাৰ মাৰ্কছ’। কিন্তু কিয় এই ‘লেটাৰ’ শব্দ ব্যৱহাৰ কৰা হয়?
5/ 7
‘লেটাৰ’ বা চিঠিৰ সৈতে জড়িত হৈ আছে সন্মানৰ প্ৰসংগ। চিঠি বা মানপত্ৰ দিয়ে সন্মান প্ৰদান কৰাৰ ৰীতি পালিত হৈ আহিছে বহুকাল ধৰি।
6/ 7
আকৌ আনফালৰ পৰাও এটা মজাৰ সংযোগ আছে। আৰু সেইটো বেছি প্ৰচলিত। সেয়া হ’ল, ইংৰাজী বৰ্ণমালাৰ স্থান অনুসৰি L,E,T,T,E,Rক যদি ধৰা হয় তেন্তে তাৰ স্থানক্ৰমৰ সমষ্টি বা যোগফল হ’ল ৮০।
7/ 7
L হ’ল ইংৰাজী বৰ্ণমালাৰ ১২সংখ্যক বৰ্ণ। E হ’ল ৫ নম্বৰ, T ২০ নম্বৰ আৰু R আছে ১৮ নং স্থান ক্ৰমত। তেন্তে L+E+T+T+E+R= ১২+ ৫+ ২০+ ২০+ ৫ +১৮= ৮০।