বলীউদৰ সুন্দৰী নায়িকাসকলৰ মাজৰ অন্যতম হ’ল দীশা পাটানি। দীশাৰ সৌন্দৰ্য, সুন্দৰ হাঁহি, সাহসী ষ্টাণ্ট আৰু অপূৰ্ব ডান্স ষ্টেপৰ বাবে অতি জনপ্ৰিয়। কিন্তু বহুতেই নাজানে যে দীশাৰ এগৰাকী সুন্দৰী ভগ্নীও আছে। (ফটো : ইনষ্টাগ্ৰাম)
দীশাৰ জ্যেষ্ঠ ভগ্নীৰ নাম খুশবু পাটানি। বহুতেই চিনি নাপায়। কিন্তু সৌন্দৰ্যৰ ফালৰ পৰা কম নহয় খুশবু। ভাৰতীয় সেনাত কৰ্মৰত খুশবু। (ফটো : ইনষ্টাগ্ৰাম)
দীশাৰ দৰেই সৌন্দৰ্যৰ প্ৰতি সচেতন খুশবু। আৰু সেনাত কৰ্মৰত হোৱাৰ বাবে সকলো সময়তে শৰীৰচৰ্চাৰ মাজতে থাকিবলগীয়া হয়। (ফটো : ইনষ্টাগ্ৰাম)
ভগ্নী দীশাৰ সৈতে হেংআউট, পিতৃ–মাতৃৰ সৈতে আনন্দত সময় কটায় খুশবুৱে। সেই ফটো শ্বেয়াৰো কৰে ছচিয়েল মিডিয়াত। (ফটো : ইনষ্টাগ্ৰাম)
ইনষ্টাগ্ৰামত খুশবুৰ ফলোৱাৰৰ সংখ্যাও কম নহয়। হয়তো বলীউদত চেষ্টা কৰিলে তেওঁ হিট নায়িকা হ’ব পাৰিলেহেঁতেন। (ফটো : ইনষ্টাগ্ৰাম)
দুটা ইংৰাজী ফুটবল ক্লাব লিভাৰপুল আৰু টটেনহম হটছপুৰৰ মাজত অনুষ্ঠিত হোৱা ইউৰোপীয় চেম্পিয়নছ লীগ ফাইনেলত আজৱ ঘটনা সংঘটিত হ’ল। যাৰ বাবে আধাতে সামৰিব লগা হ’ল খেল।
কিংছে ব’লানস্কী নামৰ এগৰাকী মডেলে প্ৰেমিক বিটালীৰ প’ৰ্ণ ছাইটক প্ৰম’ট কৰিবলৈ এনেদৰে প্ৰৱেশ কৰিছিল খেলৰ মাজতে। মডেলগৰাকীয়ে প্ৰেমিকৰ ৱেব ছাইটৰ নাম লিখি ৰাখিছিল ছুইমছুটৰ পাছফালে।
ব’লানস্কীয়ে খেলপথাৰত প্ৰৱেশ কৰা নিজৰ ভিডিঅ’ নিজেই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে। এই পোষ্টৰ পিছতে মডেলগৰাকীৰ ফল’ৱাৰ বাঢ়ি গৈ আছিল।
ওড়িশাৰ বালাচোৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছে বিজেপিৰ প্ৰতাপ চন্দ্ৰ সাৰংগী। তেওঁ বিজেডিৰ প্ৰতিদ্বন্দ্বী ৰবীন্দ্ৰ কুমাৰ জেনাক ১২,৯৫৬ ভোটত পৰাস্ত কৰিছে। উল্লেখযোগ্য যে ২০১৪চনত তেওঁ লোকসভাত যুঁজি পৰাস্ত হৈছিল।
ছচিয়েল মিডিয়াত এইকেইদিন কেৱল প্ৰতাপ চন্দ্ৰ সাৰংগীৰে চৰ্চা। মানুহে তেওঁক ওড়িশাৰ মোদী আখ্যা দিছে। অবিবাহিত এইগৰাকী ব্যক্তি এটা জুপুৰীত বাস কৰে। আৰ্থিক দৈন্যৰ সৈতে যুঁজিও তেওঁ দীঘলীয়া সময় সমাজসেৱাত সক্ৰিয়ভাৱে জৰিত হৈ আছে।
বালাসোৰৰ গোপীনাথপুৰৰ এটা দৰিদ্ৰ পৰিয়ালত তেওঁৰ জন্ম। উৎকল বিশ্ববিদ্যালয়ৰ ফকীৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে। মানুহে কয় সৰুৰে পৰা আধ্যাত্মিকতাৰ সৈতে নিকট সম্পৰ্ক নৱ নিৰ্বাচিত সাংসদগৰাকীৰ।
এসময়ত ৰামকৃষ্ণ মঠত সাধু হোৱাৰ বাসনা আছিল ব্যক্তিগৰাকীৰ। কেইবাবাৰো তেওঁ মঠলৈ অহা যোৱাও কৰিছিল। কিন্তু যেতিয়া মঠৰ মানুহে গম পালে যে তেওঁৰ পিতৃ নাই আৰু মাতৃ অকলশৰীয়া মঠৰ মানুহে তেওঁক মাতৃৰ সেৱা কৰিবলৈ আহ্বান জনায়।
তেওঁ বালাসোৰ আৰু ময়ুৰভঞ্জ জিলাৰ আদিবাসী এলেকাত কেইবাখনো বিদ্যালয় নিৰ্মাণ কৰিছে। তেওঁ চাইকেলেৰে অহা যোৱা কৰে।
মানুহে কোৱা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো প্ৰিয়পাত্ৰ এইগৰাকী ব্যক্তি। যেতিয়াই নৰেন্দ্ৰ মোদী ওড়িশালৈ যায় তেতিয়াই তেওঁক সাক্ষাৎ কৰে মোদীয়ে।
মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল বীৰু দেৱগন।সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰাৰ পিছত, বীৰু দেৱগনক অন্তিম দৰ্শনৰ বাবে অজয়ৰ ঘৰত উপস্থিত হয় বলিউডৰ বহুকেইগৰাকী অভিনেতা অভিনেত্ৰী।
মৃত্যুৰ বাতৰি পোৱাৰ পিছতেই অজয় দেৱগনৰ ঘৰত উপস্থিত হয় অভিনেতাৰ পৰা নেতা হোৱা,পঞ্জাবৰ গুৰদাসপুৰ সমষ্টি সাংসদ ছানী দেউল আৰু অভিনেতা ববী দেউল।