

ৰেখা! দেশৰ বিনোদন জগতৰ অসম্ভৱ ব্যক্তিত্বময়ী, বিতৰ্কিত, আলোচনাৰ কেন্দ্ৰবিন্দত থকা আবেদনময়ী এটি নাম। এই নামৰ সৈতে আজিও জড়িত হৈ আছে বহ ৰহস্য, বহু গোপন কাহিনী। চিনেমাজগৰ পৰা বিদায় লোৱাৰ পিছতো এটি নামে আজিও কঁপাই তোলে চিনেমা প্ৰেমীৰ মন। সেই ৰেখাকলৈ কিন্ত সমালোচনাৰো অন্ত নাই।


বলীউদত ৰেখা আৰু অমিতাভ বচ্চনৰ ৰোমাঞ্চৰ কাহিনী এতিয়াও সকলোৰে মুখে মুখে। তেওঁলোকৰ গোপন কাহিনীকলৈ বিভিন্ন জনৰ বিভিন্ন মত শুনিবলৈ পোৱা যায়।


অমিতাভ বচ্চনে বিয়াৰ পিছতো ৰেখাৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰিছিল বুলি বহু সময়ত শুনিবলৈ পোৱা যায়। তেওঁলোকৰ প্ৰেমৰ কথা আনকি জানিব পাৰিছিল অমিতাভ বচ্চনৰ পত্নী জয়া বচ্চনৰ।


নিতু সিং আৰু ঋষি কাপুৰৰ বিয়াত ৰেখাক প্ৰথমবাৰ ডিঙিত মংগলসূত্ৰ পৰিধান কৰাৰ লগতে সেন্দুৰ লোৱা দেখা গৈছিল। অমিতাভ বচ্চন আৰু জয়া বচ্চনো উপস্থিত আছিল বিয়াত। পিছে ৰেখাই সেন্দুৰ পৰিধান কৰাৰ ৰহস্য় কি? আছিল নেকি অমিতাভ আৰ ৰেখাৰ মাজত গোপন সম্পৰ্ক? পিছদিনা মেগাজিনত প্ৰকাশ পাইছিল এই খবৰ।


ইয়াৰ পিছতে ৰেখাক সেই ৰূপত দেখি ঘৰলৈ ডিনাৰৰ বাবেও মাতিছিল জয়া বচ্চনে। সেইদিনা পৰিষ্কাৰকৈ ৰেখাক জয়া বচ্চনে কৈছিল যে, অমিতাভৰ জীৱনৰ পৰা জয়া বচ্চন কেতিয়াও আঁতৰি নাযায়। তেওঁৰ স্বামী এজন ফেমিলি মেন।