

WhatsApp! নতুন পলিচি অনাৰ পিছৰ পৰাই প্ৰশ্ন উত্থাপিত হৈছে বিশ্ৱাসযোগ্যতাৰ ওপৰত। এইবাৰ Google ইনডেক্সে অর্থাৎ পাবলিক চাৰ্চত দেখা গৈছে প্ৰাইভেট হোৱাটছএপ নম্ৱৰ। আপুনি যদি লেপটপ বা কম্পিউটাৰত হোৱাটছএপ ব্যৱহাৰ কৰিছে, তেন্তে আপোনাৰ কণ্টেক্ট নম্বৰ পাব্লিক গুগল চাৰ্চত স্ক্ৰোল হ'ব পাৰে।ইয়াৰ ফলত তথ্য চুৰিৰ লগতে বিভিন্ন সমস্যাৰ মুখামুখী হ'ব পাৰে আপুনি।


ইতিমধ্যে Google ইনডেক্সে হোৱাটছএপ নম্বৰ পাব্লিক লিষ্টিঙৰ কথা জনাইছে চাইবাৰ চিকিউৰিটী ৰিচাৰ্চাৰ ৰাজশেখৰ ৰাজাৰিয়াই। এই সন্দৰ্ভত বহু স্ক্ৰীণশ্ৱটো শ্বেয়াৰ কৰা হৈছে। গোপনীয়তাৰ ভংগৰ আতংকত ভুগিছে বহুলোক। ইয়াৰ ওপৰত এই পৰ্যন্ত হোৱাটছএপৰ তৰফৰ পৰা কোনো মন্তব্য লাভ কৰা হোৱা নাই।


বিগত ২৪ ঘণ্টাত বহুজনে এনেধৰণৰ অভিযোগ কৰিছে। তেওঁলোকৰ মন্তব্য, বিভিন্ন ধৰণৰ অচিনাকী লগ ইন OTP লাভ কৰিছে তেওঁলোকে। এয়া কোনো যান্ত্ৰিক বিজুতি নে অন্য কাৰণ, সেয়াও স্পষ্ট কৰা নাই হোৱাটছএপ কৰ্তৃপক্ষৰ ফালৰ পৰা।


কিছুদিন পূৰ্বে Google ইনডেক্সত দেখা গৈছিল প্ৰাইভেট হোৱাটছএপ গ্ৰুপ চাটৰ লিংক। এই লিংক ইনভিটিশ্যনৰ ফলত অচিনাকী লোক বিভিন্ন ধৰণৰ প্ৰাইভেট চাট গ্ৰুপত জইন কৰিব পাৰিব। কেৱল মাত্ৰ চাৰ্চ কৰিলেই জইন হ'ব পৰিব।