মাছ অসমৰ লোকৰ প্ৰিয় খাদ্য। মাছ ভাজি, জোল কৰি, ভাপত দি অথবা পুৰি বিভিন্ন ব্যঞ্জনেৰে খায় অসমৰ লোকে। কিন্তু বহু সময়ত মাছৰ একোডাল কাঁইচে আমাৰ জীৱনলৈ চৰম বিপত্তি কঢ়িয়াই আনে। এনে হ'লে লগে লগে কৰিব পৰা কিছুমান উপায় আছে যাৰ সহায়ত ডিঙিত লাগি ধৰা কাঁইট আঁতৰ কৰিব পাৰি। আটাইতকৈ সহজ উপায়টো হৈছে, মাছৰ কাঁইট লাগি ধৰিলে শুকান ভাত অলপ লাড়ু কৰি লৈ গিলি দিয়া। ইয়াৰ পিছত অলপ পানী খাব লাগে। এনে কৰিলে মাছৰ কাঁইট গুচি যায়।