আকৌ আহিছে কোৰোণা! চলিত বছৰৰ আৰম্ভণিতে কোৰোণাৰ সংক্ৰমণৰ গতি কিছু হ্ৰাস পাইছিল যদিও মাৰ্চৰ মাজ ভাগৰ পৰা আকৌ ক্ৰমান্বৰে বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। কোৰোণাৰ সংক্ৰমণ ৰোধৰ বাবে এতিয়া সমগ্ৰ দেশতে চলি আছে কোৰোণাৰ টিকাকৰণ। জানি লওক ভেকচিন লোৱাৰ আগত বা পিছত কি খাব পাৰিব, কি নোৱাৰিব? ভিটামিন চি যুক্ত খাদ্য খাওক। প্ৰচেচড ফুড, ফাষ্ট ফুড এৰাই চলক। ডায়েট ভাল দৰে মানি চলক। পৰ্যাপ্ত পৰিমাণে বাদাম, ফল-মূল, মাছ, চবজি খাওক। ভেকচিন লোৱাৰ পিছত হালধি খালে অত্যন্ত ভাল। খালী পেটত ভেকচিন নল'ব। দৈ, ফল, কণী খাব পাৰিব। ভেকচিন লোৱাৰ আগত বা পিছত প্ৰচূৰ পৰিমাণে পানী খাওক। ভেকচিন লোৱাৰ আগত বা পিছত কেইদিন মানলৈ সুৰাপান নকৰাই ভাল। এলকোহলে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে।