নতুন দিল্লীঃ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ দৰে ঘৰুৱা বজাৰতো সোণৰ দাম একেৰাহে হ্ৰাস পাইছে। শুকুৰবাৰে একেৰাহে চতুৰ্থ দিন সোণৰ দাম কম হোৱা দেখা যায়। এমচিএক্সত ডিচেম্বৰত ডেলিভাৰী হ’বলগীয়া সোণ ১০ গ্ৰামত ৫০,৬৫৩ টকা হোৱা দেখা যায়। ৰূপৰ মূল্যৰ ক্ষেত্ৰতো প্ৰতি কিলোগ্ৰাম ৬১,৫১২ হৈছে। বিশেষজ্ঞসকলৰ মতে, ১৭ অক্টোবৰত নৱৰাত্ৰি আৰম্ভ হোৱাৰ লগে লগে উৎসৱৰ বতৰ আৰম্ভ হ’ব আৰু ইয়াৰ লগে লগে সোণৰ চাহিদা বৃদ্ধি পাব। অৱশ্যে দামৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস পোৱালৈ চাই ঘৰুৱা বজাৰত দাম বঢ়াৰ সম্ভাৱনা তেনেকৈ নাই।
<strong>আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস পাইছে মূল্য-</strong> বিশ্বৰ বজাৰত সোণৰ দাম কম হোৱা দেখা গৈছে। বৰ্তমান সোণৰ ০.১শতাংশ দাম পৰি প্ৰতি আউন্সত ১৯০৬.৩৯ ডলাৰ হৈছে। এই সপ্তাহত সোণৰ দাম ২শতাংশৰো অধিক হ্ৰাস পাইছে। অন্যান্য মূল্যৱান ধাতুৰ ভিতৰত ৰূপৰ মূল্য ০.২% হ্ৰাস পাই প্ৰতি আউন্সত ২৪.২৬ডলাৰ হৈছে। আনহাতে প্লেটিনামৰ দাম ০.২শতাংশ বাঢ়ি প্ৰতি আউন্সত ৮৬৬.০৫ডলাৰ হৈছে।