ক্ৰিকেটাৰ বিৰাট কোহলীৰ ফিটনেছ কোনো এথলীটতকৈ কম নহয়। নিজকে ফিট ৰখাৰ বাবে সকলো কৰে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে। আনকি আপোনাৰ–মোৰ দৰে সাধাৰণ পানীও সেৱন নকৰে কোহলীয়ে। নিজকে সুস্থ আৰু ফিট ৰাখিবলৈ কোহলীয়ে পান কৰে ব্লেক ৱাটাৰ। এই পানীৰ এক লিটাৰৰ দাম তিনিৰ পৰা চাৰি হাজাৰ টকা। প্ৰাকৃতিক এলকালাইন থাকে এই পানীত। যিয়ে শৰীৰক হাইড্ৰেট কৰি ৰখাত সহায় কৰে। দীঘলীয়া ইনিংছ খেলাৰ সময়ত কোহলীয়ে ব্লেক ৱাটাৰ পান কৰে। এই পানীত পিএইচ লেভেল হাই থাকে। ফলত ব্লেক ৱাটাৰ পান কৰিলে শৰীৰত ক্লান্তি ভাৱ কম হয়। কোহলীৰ উপৰি বলীউদ অভিনেত্ৰী ঊৰ্বশী ৰৌতেলায়ো পান কৰে ব্লেক ৱাটাৰ। এই বিশেষ পানী ছালৰ সৌন্দৰ্য বৃদ্ধি কৰে। আনকি শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰখাৰ ক্ষেত্ৰতো সহায় কৰে।