আজি অনুষ্কা শৰ্মাৰ জন্মদিন। বহুতে জনপ্ৰিয় অভিনেত্ৰীগৰাকীক জনাইছে জন্মদিনৰ শুভেচ্ছা। কিন্তু সকলোতকৈ আকৰ্ষণীয় আছিল বিৰাট কোহলীৰ শুভেচ্ছাটো। বিৰাট কোহলীয়ে তেওঁৰ পত্নীৰ জন্মদিনৰ দিনা শ্বেয়াৰ কৰে আৱেগিক পোষ্ট। 'ঈশ্বৰক ধন্যবাদ জনাইছো। মই নাজানো। তুমি নথকাহেতেন কি কৰিলো হেতেন!' কোহলী এতিয়া আইপিএলত ব্যস্ত। মাজে মাজে ষ্টেডিয়ামত দেখা যায় অনুষ্কাক। বৰ্তমান কেৰিয়াৰৰ আটাইতকৈ বেয়া সময়ৰ সৈতে যুঁজিছে কোহলীয়ে। দীৰ্ঘদিন চেঞ্চুৰী কোবোৱা নাই। আইপিএলত একেৰাহে দুখন খেলত গোল্ডেন ডাক হৈছে। অনুষ্কা অৱশ্যে সকলো সময়তে কোহলীৰ কাষত থাকে। গুজৰাট টাইটান্সৰ বিৰুদ্ধে কোহলীয়ে ৫৮ ৰান সংগ্ৰহ কৰাৰ সময়ত অনুষ্কাৰ অত্যন্ত আনন্দত দেখিবলৈ পোৱা গৈছিল।