এখন বিয়াৰ এটা ঘটনাই এতিয়া ছচিয়েল মিডিয়াত লাভ কৰিছে চৰ্চা। উত্তৰ প্ৰদেশৰ আলীগড়ৰ ঘটনা। যি ঘটনা পোহৰলৈ অহাৰ লগে লগে কইনাৰ চিৎকাৰ! লগে লগে বিয়া কৰাবলৈ কৰিলে অস্বীকাৰ। বিয়াৰ মণ্ডপত বিয়াৰ নানা নিয়ম মানি থাকোতেই কিয় হঠাত অমান্তি হৈ পৰিল কইনা! সম্প্ৰদানৰ সময়ত হাত আগবঢ়াই দিছিল দৰাই। তেতিয়াই কইনাই প্ৰত্যক্ষ কৰে যে, দৰাৰ হাতত তিনিটা আঙুলি নাই। এই কথা মানি ল'ব নোৱাৰি লগে লগে বিয়া হ'বলৈ অসন্মতি প্ৰকাশ কৰে কইনাই। কইনাই এই বিষয়ে অভিযোগ আনি কয় যে, বিয়াৰ পূৰ্বে কথাতো গোপনে ৰাখিছিল দৰাই। আনকি এবাৰ লগ পোৱাৰ সময়ত হাতত আঘাত পোৱা বুলি বেণ্ডেজ মেৰিয়াই থৈছিল। দৰা ঘৰৰ লোকে দাবী কৰে যে, বিষয়টো লুকুৱাই থোৱা হোৱা নাছিল। এই লৈ আৰম্ভ হয় তৰ্ক-বিতৰ্ক। বিয়াৰ অনুষ্ঠান প্ৰায় শেষ হৈছিলেই, সেই সময়তে ঘটে এই ঘটনা। পিছত কইনা অবিহনেই উভতি যায় দৰা।