বিভিন্ন ক্ষেত্ৰত নানা ধৰণে বুদ্ধি খটাই ভাৰতীয়সকলৰ সমান কাম হয়টো আন কোনেও কৰিব নোৱাৰে! এনে এক ঘটনাই এতিয়া চকুৰ সন্মুখলৈ আহিছে। এগৰকী লোকে দেখুৱাইছে অসাধ্য সাধন কৰি। বিহাৰৰ খগডিয়াৰ বাসিন্দা দিবাকৰ কুমাৰে বুদ্ধিৰে নিজৰ গাড়ীখনক হেলিকপ্টাৰৰ ৰূপ দিলে। জানিব পৰা গৈছে যে ইউটিউবে দিবাকৰক যথেষ্ট সমৃদ্ধ কৰিছে৷ তেওঁ ইউটিউবত এই ধাৰণাটোৰ কিছু অংশ পাইছিল৷ এই পৰিৱৰ্তনৰ বাবে তেওঁ ৩.৫ লাখ টকা খৰচ কৰিব লগা হৈছিল৷ বিহাৰৰ দিবাকৰ কুমাৰে কৈছিল যে তেওঁৰ আৱিষ্কাৰমুখ্যতঃ বিবাহ গৃহৰ বুকিংৰ বাবে ব্যৱহাৰ কৰা হ'ব কোনেও হয়টো কল্পনাই কৰা নাছিল যে, এনেদৰে কেতিয়াবা গাড়ী এখনক হেলিপকপ্টাৰ ৰূপ দিব পৰা হ'ব! দিবাকৰৰ কীৰ্তি এতিয়া ছচিয়েল মিডিয়াত বিয়পি পৰিছে।