কৰ্ণাটকৰ চকলেশপুৰ গাঁৱৰ ঘটনা এয়া। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কোৱা হৈছে যে, ২৭ বছৰ বছৰীয়া এগৰাকী যুৱকৰ সৈতে যোৱাবছৰৰ পৰা অন্য এখন গাঁৱৰ এগৰাকী যুৱতীৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। কিন্তু তাৰ ছমাহ পূৰ্বেই অন্য এগৰাকী যুৱতীৰো প্ৰেমত পৰিছিল যুৱকজন। ইয়াৰ পিছত মনে মনে দুয়োগৰাকী যুৱতীৰ লগতে প্ৰেমৰ সম্পৰ্ক চলাই নিছিল যুৱকজনে।