তেওঁ বি চি চি আইৰ বদান্যতাত জীয়াই আছিল। মাহে মাত্ৰ ৩০ হাজাৰ টকাৰে জীৱন নিৰ্বাহ কৰি আছিল পৰিয়ালটোৱে। এনে দাবী আছিল প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলীৰ। ক্ৰিকেটৰ সৈতে জড়িত চাকৰি এটা পালে ভাল হ’ব বুলি বিনোদ কাম্বলিয়ে কৈছিল। তেওঁ লগতে কয় যে তেওঁৰ শৈশৱৰ বন্ধু শচীন তেণ্ডুলকাৰে তেওঁৰ বাবে চাকৰিৰ ব্যৱস্থা কৰিছিল। কিন্তু সেইটো তেওঁ ত্যাগ কৰিছিল। ক্ৰিকেট সম্পৰ্কীয় চাকৰি এটাৰ বাবে এমচিএত আবেদন কৰিছিল বিনোদ কাম্বলীয়ে । আৰু তাৰ মাজতে বিনোদ কাম্বলীয়ে এটা চাকৰিৰ প্ৰস্তাৱ পাইছে। এইবাৰ মহাৰাষ্ট্ৰৰ ব্যৱসায়ী সন্দীপ থোৰাটে কাম্বলীক চাকৰিৰ প্ৰস্তাৱ দিছে। তেওঁ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক মাহে এক লাখ টকা দিয়াৰ প্ৰস্তাৱ দিছে। ভাৰতীয় দলৰ হৈ বিনোদ কাম্বলিয়ে ১৭ খন টেষ্ট আৰু ১০৪ খন এদিনীয়া খেল খেলিছে। অৱশ্যে তেওঁ সদায় উচ্ছৃংখল জীৱন যাপন কৰি আহিছে। আৰু তাৰেই মাচুল এতিয়ালৈকে ভৰিব লগা হৈছে। ব্যৱসায়ীজনে কাম্বলিক বিত্ত বিভাগত চাকৰিৰ প্ৰস্তাৱ দিছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে একো কোৱা নাই কাম্বলিয়ে।