দেশৰ আটাইতকৈ ডাঙৰ চৰকাৰী বেংক ষ্টেট বেংক অব ইণ্ডিয়াৰ ফালৰ পৰা গ্ৰাহকৰ বাবে ডাঙৰ সুবিধা। টকা উলিয়াবলৈ ATM Card ব্যৱহাৰ কৰিব নালাগে। ষ্টেট বেংকৰ গ্ৰাহকৰ বাবে এটা ডাঙৰ সুবিধা লৈ আহিছে যাৰ ফলত ATM কাৰ্ড, ডেবিট কাৰ্ডৰ অবিহনেই মেছিনৰ পৰা টকা উলিয়াব পাৰিব। বেংকৰ ফালৰ পৰা গ্ৰাহকে টকা উলিয়াবলৈ বিশেষ সুবিধা থাকে। সেয়া হ'ল YONO Cashৰ মাধ্যমেৰে ATM কাৰ্ড অবিহনে টকা উলিয়াব পাৰিব গ্ৰাহকে। ইয়াৰ বাবে ফোনত থাকিব লাগিব YONO App। এই এপৰ জৰিয়তে দেশৰ যিকোনো ATMৰ পৰাই কেচ উলিয়াব পাৰিব গ্ৰাহকে। এই সুবিধাৰ অন্তৰ্গত কমেও ৫০০ টকা আৰু সৰ্বাধিক ১০,০০০ টকা উলিয়াব পাৰিব গ্ৰাহকে। SBI ATMৰ পৰা কিদৰে টকা উলিয়াব? প্ৰথমে YONO লগইন কৰিব লাগিব। তাৰ পিছত হোম পেজত YONO Cashত ক্লীক কৰিব লাগিব। ইয়াৰ পিছত YONO Cashৰ ATM অপশ্যনত ক্লীক কৰক। তাৰ পিছত টকাৰ পৰিমাণ উল্লেখ কৰক। ৬ সংখ্যাৰ পিন ক্ৰিয়েট কৰিব লাগিব। ইয়াৰ পিছত YONO Cash ট্ৰানজেকশ্যন নম্বৰ মোবাইল নম্বৰলৈ আহিব। এই নম্বৰটো ৬ ঘণ্টালৈকে বৈধ থাকিব। এটিএমত YONO Cash) অপশ্যনত প্ৰেচ কৰিব লাগিব। ইয়াৰ পিছত ৰেজিষ্টাৰ্ড নম্বৰলৈ অহা ট্ৰানজেকশ্যন নম্বৰ দি প্ৰস্তুত কৰা ৬ সংখ্যৰ পিন দিব লাগিব। প্ৰচেচ সম্পন্ন হ'লেই টকা লাভ কৰিব।