প্ৰ'টিনৰ এটা উৎস হৈছে কাবুলী বুট৷ যদি আপুনি নিৰামিষভোজী হয়, তেন্তে আহাৰত নিয়মীয়াকৈ কাবুলী বুট থাকিব লাগে। প্ৰতি ১০০ গ্ৰাম কাবুলী বুটত ১০ গ্ৰাম প্ৰ'টিন থাকে। লগতে, কাবুলী বুটত আঁহ, লো, ফলো, ফছফৰাছ, পটাছিয়াম আৰু মেঙ্গানিজ থাকে। ই হজম কাৰ্যকলাপ ভাল কৰাৰ লগতে ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু অতিৰিক্ত ওজন হ্ৰাসত সহায় কৰে।