জীৱনত ধনৰ গুৰুত্ব অপৰীসিম৷ সকলোৱে কঠোৰ পৰিশ্ৰমৰ ধন সাৱধানে ৰাখিব বিচাৰে, অধিক টকা উপাৰ্জন কৰিবলৈ চেষ্টা কৰিব বিচাৰে৷ জীৱনত ধন সুখ বজাই ৰাখিবলৈ বাস্তু পৰামৰ্শ প্ৰয়োজনীয়৷ । বাস্তু শাস্ত্ৰৰ মতে, বহুলোকে ডাঙৰ লোকৰ ফটো টকাৰ মোনা বা ৱালেটত ৰাখে, এই অভ্যাস ভাল নহয়। তেওঁলোকৰ মতে, ই ধন ৰাহি কৰাত বাধা দিব পাৰে। যদি ৱালেট বা পাৰ্চটো ফাটি যায়, পুৰণি হ'লে ইয়াক ব্যৱহাৰ নকৰাই ভাল, ইয়াৰ ফলত জীৱনত আৰ্থিক সংকট হ'ব পাৰে। পাৰ্চত ফটা নোট নাৰাখিব। দেৱী লক্ষ্মীক অসন্তুষ্ট হ'ব পাৰে। ঋণাত্মক শক্তি সক্ৰিয় হ'ব পাৰে। কেতিয়াও ৱালেট বা পাৰ্চত চাবি নাৰাখিব। বাস্তু শাস্ত্ৰৰ মতে, ই ধনৰ পথ প্ৰশস্ত নকৰিবও পাৰে। সদায়ে আপোনাৰ ৱালেট বা পাৰ্চ উত্তৰ ফালে ৰাখিবলৈ চেষ্টা কৰিব, কিয়নো উত্তৰ ফালটো কুবেৰৰ দিশ বুলি গণ্য কৰা হয়। Disclaimer: এই প্ৰতিবেদনটো কেৱল সাধাৰণ তথ্যৰ বাবে, সেয়েহে বিশদ জানিবলৈ সদায়ে বিশেষজ্ঞ এজনৰ পৰামৰ্শ লওক।