ক’লা পানী, দাম প্ৰতিলিটাৰত ৩ হাজাৰ টকা! সাধাৰণ পানীৰ বটলৰ দাম ২০–৩০ টকা। কিন্তু এই ক’লা পানীৰ ইমানেই দাম! আৰু এই পানী পান কৰে ঊৰ্বশীৰ পৰা বিৰাট কোহলীৰ দৰে তাৰকাই! মুম্বাই বিমানবন্দৰত মডেল–অভিনেত্ৰী ঊৰ্বশীৰ হাতত দেখা গ’ল ক’লা পানীৰ বটল। পাৰফেক্ট এয়াৰপোৰ্ট লুকৰ সৈতে দৃষ্টি কাঢ়ে সেই ক’লা বটলটোৱে। তাক লৈ আৰম্ভ হয় চৰ্চা। যিসকলে নিয়মিত শৰীৰচৰ্চা কৰে বা শৰীৰক লৈ খুব সচেতন, তেওঁলোকৰ বাবে এই ক’লা পানী নতুন নহয়। সেয়ে কেৱল ঊৰ্বশীয়ে নহয়, এনে বহু তাৰকা আছে, যিসকলে এই ক’লা পানী খায়। বিৰাট কোহলীৰ হাততো একাধিকবাৰ এই ক’লা পানীৰ বটল দেখা গৈছে। কোৱা হয় যে এয়া সাধাৰণতে ক’লা ৰঙৰ খাৰযুক্ত পানী যিয়ে শৰীৰৰ সতেজ ভাৱ বজাই ৰখাত সহায় কৰে। দূৰ কৰে ক্লান্তি ভাৱ। বৰ্তমান ঊৰ্বশীয়ে ইন্সপেক্টৰ আবিনাশ নামৰ এক ৱেব ছিৰিজৰ কামত ব্যস্ত। ঊৰ্বশীৰ বিপৰীতে আছৈে ৰণদীপ হুদা।