প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে ছবি তথা মনোৰঞ্জন জগতৰ প্ৰায়সকল তাৰকা। বিশেষকৈ টিভি আৰু বলীউদৰ দম্পতিসকলক লৈ সাধাৰণজনৰ আগ্ৰহ অত্যন্ত বেছি। যেতিয়া দুই তাৰকাই ডেট কৰাৰ খবৰ বিয়পি পৰে তেতিয়া অনুৰাগীসকলে দুয়োৰে ওপৰত নজৰ ৰাখে। এই জগতখনত অতি ক্ষিপ্ৰতাৰে গঢ়ি উঠা সম্পৰ্ক এটাত অৱশ্যে ফাঁট মেলিবলৈও বিশেষ সময় নালাগে। কৰণ মেহৰা-নিশা ৰাৱালৰ পৰা কৰণ সিং গ্ৰোভাৰ-জেনিফাৰ উইংগেটলৈকে টিভি উদ্যোগত এনে বহু তাৰকা আছে যাৰ সম্পৰ্ক মাত্ৰ কেইটামান দিনহে বৰ্তি আছিল আৰু বিবাহৰ কেইবছৰমান পাছতেই হৈছিল বিবাহ বিচ্ছেদ।
কৰণ সিং গ্ৰোভাৰ-জেনিফাৰ উইংগেট<br />টেলিভিশ্যন জগতৰ অন্যতম জনপ্ৰিয় দম্পতি কৰণ সিং গ্ৰোভাৰ আৰু জেনিফাৰ উইংগেটৰ সম্পৰ্ক বহু সময়ৰ বাবে বৰ্তি নাথাকিল । কৰণ সিং গ্ৰোভাৰে জেনিফাৰক বিয়া কৰোৱাৰ পূৰ্বে টিভি অভিনেত্ৰী শ্ৰদ্ধা নিগমক বিয়া কৰাইছিল। জেনিফাৰৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত তেওঁ বলীউদৰ অভিনেত্ৰী বিপাশা বসুক বিয়া কৰায়।