ক্লান্ত ভাব দূৰ কৰিবলৈ বা চৰ্দি, মূৰৰ বিষ হৈ থাকিলে একাপ আদা দিয়া চাহ খালেই ভাল লাগি যায়। আনকি ঠাণ্ডাৰ দিনৰ সন্ধিয়া সকলোৱে একেলগে বহি একাপ আদা দিয়া চাহ খোৱাতো বহুতৰে অভ্যাস। বিশেষজ্ঞৰ মতে, শৰীৰৰ বাবে অত্যন্ত উপকাৰী এই হাৰ্বেল চাহ। ডিঙিৰ সমস্যা, মূৰৰ বিষ আদি বিভিন্ন সমস্যাৰ পৰা উপশম লাভ কৰা যায় আদা দিয়া চাহ খায়। কিন্তু অত্যাধিক পৰিমাণে আদা-চাহ খালে হ’ব পাৰে বিপদ। শৰীৰত দেখা দিব পাৰে একাধিক সমস্যা।