ভাৰতৰ ভাৰোত্তোলক মীৰাবাই চানু (Mirabai Sanu)য়ে টকিঅ' অলিম্পিকত (Tokyo Olympic) ইতিহাস সৃষ্টি কৰিছে। চানুৱে ৪৯ কিলোগ্ৰাম শাখাত মুঠ ২০২ কিলোগ্ৰাম উত্তোলন কৰি শনিবাৰে ৰূপৰ পদক অৰ্জন কৰে। মীৰাবাই চানুৱে স্নেচত ৮৭ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১১৫ কিলোগ্ৰাম ওজন তুলিছিল। মীৰাবাই চানু হৈছে অলিম্পিকত ৰূপৰ পদক (Mirabai Chanu wins Silver Medal) প্ৰথম ভাৰতীয় ভাৰোত্তোলক। (PC-AP)
যেতিয়া মীৰাবাইৰ বয়স 12 বছৰ আছিল, তেতিয়া তেওঁ ইম্ফলৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (SAI) কেন্দ্ৰত উপস্থিত হৈছিল। মীৰাবাই ধনুৰ্বিদ্যাত প্ৰশিক্ষণ ল'ব বিচাৰিছিল কিন্তু তাত কাকো বিচাৰি পোৱা নাছিল। মীৰাবাই হতাশ হৈছিল কিন্তু তাৰ কেইদিনমান পিছত তেওঁ কিংবদন্তি ভাৰোত্তোলক কুঞ্জৰানী দেৱীৰ ভিডিঅ' ক্লিপ চাইছিল। সেইদিনাৰ পৰাই মীৰাবাই ভাৰোত্তোলক হোৱাৰ সিদ্ধান্ত লয়। মীৰাবাই ২০০৬ চনত কোচিং একাডেমীত যোগদান কৰিছিল.(PC-AP)
মীৰাবাই চানুৱে ২০১৪ চনত গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ৰূপৰ পদক জিকিছিল। তাৰ পিছত তেওঁ ২০১৭ চনত বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক জিকি ৰাইজৰ হৃদয় জয় কৰিছিল। চানুৱে ২০১৮ ৰ কমনৱেলথ গেমছতো স্বৰ্ণ জয় কৰিছিল। তেওঁ ২০২০ এছিয়ান চেম্পিয়নশ্বিপত কেৱল ব্ৰঞ্জৰ পদক জিকিছিল, কিন্তু তেওঁ টকিঅ' অলিম্পিকত কামটো সম্পূৰ্ণ কৰিছিল। মীৰাবাই চানুৱে টকিঅ'ত ৰূপৰ পদক জিকি ইতিহাস সৃষ্টি কৰিলে।
মীৰাবাই চানু এগৰাকী তাৰকা ভাৰোত্তোলক হ'ব পাৰে কিন্তু তওঁ দেশ আৰু গাঁৱৰ সৈতে জড়িত। চানুৱে প্ৰতিটো বিদেশ ভ্ৰমণত গাঁৱৰ চাউলবোৰ লগত লৈ যায় আৰু সেয়া পাৰ্টি হওঁক বা কিবা অন্য হওক এই চাউলেই তেওঁৰ জীৱন। কেৱল সেয়াই নহয়, মীৰাবাইয়ে ভাৰতৰ মাটি কঢ়িয়াই লৈ যায়। এই খেলুৱৈজন সঁচাকৈয়ে আশ্চৰ্যজনক। অভিনন্দন মীৰাবাই।