<strong>Gold Silver Price:</strong> ঘৰুৱা বজাৰত সোণৰ মূল্য ৰেকৰ্ড সংখ্যক স্তৰত প্ৰতি দহ গ্ৰামত ৫৬,২০০টকা হৈছে। সেইমতে এমাহত সোণ প্ৰতি দহ গ্ৰামত ৫,৬১৬ টকালৈকে সস্তা হৈছে। সেইমতে আগষ্টত ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৮০,০০০টকা আছিল আৰু এতিয়া এই দাম কমি কিলোগ্ৰামত ৬১,২৫০টকা হৈছে। এইমতে ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ১৮,১১৮টকা হ্ৰাস হৈছে।
<strong>আজি আকৌ সস্তা হ’ল সোণ-</strong> বিদেশী বজাৰত পৰা প্ৰভাৱৰ কাৰণে ঘৰুৱা বজাৰতো সোণ আৰু ৰূপৰ মূল্য হ্ৰাস পোৱা দেখা গৈছে। কমডিটি এক্সচেঞ্জ এমচিএক্সত ডিচেম্বৰ মাহত ডেলিভাৰী হ’বলগীয়া সোণৰ প্ৰস্তাৱিত মূল্য ০.২শতাংশ হ্ৰাস পাই প্ৰতি দহ গ্ৰামত ৫০,৫৮৪ টকালৈকে কমিল। আনহাতে ৰূপৰ প্ৰস্তাৱিত মূল্য ০.৩৫শতাংশ হ্ৰাস পাই প্ৰতি কিলোগ্ৰামত ৬১,৮৮২টকা হৈছে।
<strong>সোণৰ মূল্য কিয় কমিছে-</strong> আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ডলাৰৰ ৰিকভাৰী আৰু আমেৰিকাৰ সাহাৰ্য পেকেজৰ কথা বতৰাত অনিশ্চয়তাৰ কাৰণে সোণৰ দাম কমিছে। বৈশ্বিক বজাৰত সোণৰ মূল্য প্ৰতি আউন্সত ০.১শতাংশ কমি ১৮৯৮.১৬ডলাৰ হৈছে। আন মূল্যৱান ধাতুৰ ক্ষেত্ৰত মূল্য ০.৩শতাংশ কমি প্ৰতি আউন্সত ২৪.৪৩ডলাৰ হৈছে। প্লেটিনাম আৰু পেলেডিয়ামৰ মূল্য ০.১শতাংশ বাঢ়ি প্ৰতি আউন্সত ৮৫৭.৮৫ডলাৰ হৈছে।