অফিচত বহি বহি কাম? কঁকাল, পিঠি, কান্ধত হৈছে নেকি বিষ? পেইনকিলাৰ নাখাব, সহজ ঘৰুৱা উপায়েৰে মুক্তি পাব এই যন্ত্ৰণাৰ পৰা। একেৰাহে বহি কাম নকৰিব, প্ৰতি ঘণ্টাত ১০ মিনিটৰ বিৰতি লওক, অলপ চলা–ফুৰা কৰক। ২ ঘণ্টা একেৰাহে বহি থাকিলে বেড কলেষ্টৰেলৰ মাত্ৰা বাঢ়ি যায়। মেদ বৃদ্ধি হয়। বহাৰ ভংগী সলনি কৰক। পোন হৈ বহি কাম কৰাৰ চেষ্টা কৰক। নিশা শোৱাৰ সময়ত গাৰু ব্যৱহাৰ নকৰিব, ফলত পিঠি আৰু কান্ধৰ বিষৰ পৰা উপশম পাব।