ঘৰৰ বাহিৰে-ভিতৰে নাৰীয়ে সমানে চম্ভালিব লাগে। কিন্তু তেওঁলোকৰ ব্যস্ততাৰ বাবে প্ৰায়ে নিজৰ যত্ন ল’বলৈ সময় নাপায়। কিছুমান মৌলিক কথা মনত ৰাখিলে নাৰীৰ শৰীৰ সুস্থ হৈ থাকে। দৈনিক গা ধুব। আমাৰ দৰে গ্রীষ্মমণ্ডলীয় দেশত স্নান নকৰিলে শৰীৰত অসুস্থতা দেখা দিব৷ গা নুধুলে টোপনি আহিব পাৰে। প্ৰতিদিনে চাবোনেৰে গা ধুলে সতেজ অনুভৱ হ’ব। আপুনি অধিক কৰ্ম শক্তি পাব। ই ছালৰ মৃত কোষবোৰ জীয়াই তোলে। ছাল মসৃণ আৰু ডাঠ হৈ পৰে। পুৰণি হ’লেও প্ৰতিদিনে পৰিষ্কাৰ কাপোৰ পিন্ধক। কাপোৰৰ পৰাও বীজাণু সংক্ৰমিত হ’ব পাৰে। গতিকে সদায় ধোৱা পৰিস্কাৰ কাপোৰহে পিন্ধিব। নিয়মিতভাৱে অন্তৰ্বাস ধুবলৈ নাপাহৰিব। সঘনাই হাত ধুব লাগে। যাৰ ফলত আপোনাৰ হাতত বীজাণু বৃদ্ধি নহ’ব। ঘৰতেই হওক বা বাহিৰত হওক, ধোৱা ৱাশ্বৰুমৰ পৰা ওলাই আহি ভালকৈ হাত ধুব। হাঁচি কাঁহৰ পিছত হাত ধুবলৈ নাপাহৰিব। দাঁতৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। ৰাতিপুৱা শোৱাৰ পৰা উঠি আৰু ৰাতি শোৱাৰ আগতে দাঁত ব্ৰাছ কৰিবলৈ নাপাহৰিব। ইয়াৰ ফলত দাঁত পোকে খোৱা আৰু অন্যান্য সংক্ৰমণ ৰোধ হ’ব। দাঁতৰ লগতে জিভাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লওক। পৰিষ্কাৰ হৈ থাকক। তেতিয়া আপোনাৰ শৰীৰৰ দুৰ্গন্ধৰ সমস্যা নহ’ব। কাষলতি আৰু গোপনাংগ পৰিষ্কাৰ কৰি ৰাখক। মাহেকীয়াৰ সময়ত নিয়মীয়াকৈ চেনিটেৰী নেপকিন সলনি কৰিব লাগে। মাহেকীয়াৰ সময়ত গোপনাংগ পৰিষ্কাৰ কৰি ৰাখিব লাগে। তেতিয়া দুৰ্গন্ধৰ পৰা মুক্তি পাব।