পৃথিৱীৰ সকলো লোকেই ধনী হ’বলৈ বিচাৰে। আৰ্থিক স্বচ্ছলতা আৰু বিলাসী জীৱন কটাবলৈ মানুহে অক্লান্ত পৰিশ্ৰম কৰে। মানুহৰ ভৱিষ্যত কিমান সুন্দৰ হ’ব, সেয়া নিৰ্ভৰ কৰে তেওঁলোকৰ কৰ্মৰ ওপৰত। তাৰ মাজতো একাংশই বিশ্বাস কৰে ভাগ্যক। বহুতে ক’ব খোজে যে, ভাগ্য আগতীয়াকৈয়ে নিৰ্ধাৰণ কৰা থাকে। ভাগ্য সলনি কৰিবলৈ কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই। Samudrika Shastraৰ মতে, ভাগ্য বা ভৱিষ্যত গঢ়ি তোলাৰ বাবে কিছুমান লক্ষণ জন্মগত ভাবেই থাকে। যাৰ এটা মাধ্যম হ’ল তিল। শৰীৰৰ বিভিন্ন অংশত থকা তিলৰ অৱস্থানে মানুহৰ ভৱিষ্যত সম্পৰ্কে শুভ-অশুভ ইংগিত দিয়ে বুলি বিশ্বাস কৰে একাংশ লোকে।