

ডায়েট মেইনটেইন কৰা মুখৰ কথা নহয়। বেছিকৈ খালে বা অস্বাস্থ্যকৰ খাদ্য খালে ওজন বাঢ়ি যোৱা, মেদবহুলতা, বুকুৰ জ্বলা পুৰাকে ধৰি বহু সমস্যাই দেখা দিয়ে। ওজন নিয়ন্ত্ৰণত ৰাখাতো বৰ্তমান সময়ত অতি প্ৰয়োজন। আৰু এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা লয় ডিটক্স টিয়ে। হেলথ এক্সপাৰ্টসকলেও এই পৰামৰ্শ প্ৰায়ে দিয়ে। যদি ওজন হ্ৰাস কৰিব বিচাৰিছে, তেন্তে ডিটক্স গ্ৰীণ টি খাব পাৰে।


শৰীৰৰ বাবে অতি উপকাৰী ডিটক্স টি বা পানীয় হ’ল- গ্ৰীণ টি। কাৰণ ইয়াত থকা উপাদানে শৰীৰৰ ডিটক্সিফিকেশ্যনত গুৰুত্বপূৰ্ণ ভুমিকা লয়।


ডায়েট এক্সপাৰ্টে জনাইছে যে, গ্ৰীন টিত প্ৰচূৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে। বিশেষ কৈ ক্যাটেসিন, epigallocatechin-3-gallate (EGCG) নামৰ উপাদান থাকে এই পানীয়ত। সমীক্ষাত দেখা যায় যে, ১২ সপ্তাহ ধৰি যদি কোনো লোকে গ্ৰীন টি প্না কৰে, তেন্তে তেওঁৰ ৩.৩ কেজি পৰ্যন্ত ওজন হ্ৰাস পাব পাৰে।


জানি লওক, গ্ৰীন টি ডিটক্স তৈয়াৰ কৰাৰ উপাদান কি কি? চাহৰ পৰিমাণ অনুযায়ী ৬-৭টা বা তাতকৈ এটা বেছি পুডিনাৰ পাত। এফাল বা এটা নেমু। ২-৩ কাপ পানী।


ডিটক্স টি প্ৰস্তুতৰ পদ্ধতি- প্ৰথমে এটা পাত্ৰত পৰিমাণ অনুসৰি পানী গৰম কৰিব লাগিব। পানী গৰম হোৱাৰ কিছু সময়ৰ পিছত গ্ৰীন টি দিব লাগিব। লগতে কেইটামান পডুনা পাত। তাৰ পিছত এক বা দুই মিনিট ঢাকিব লাগিব।