বর্তমানে প্রায় সকলো বেংকতে সুতৰ হাৰ হ্ৰাস পাইছে। এফালে কোৰোণাৰ কাৰণে সমগ্ৰ দেশত আর্থিক পৰিস্থিতি যথেষ্ট সংকটজনক ৷ আনফালে বেংকসমূহে সুতৰ হাৰ হ্ৰাস কৰাৰ ফলত যথেষ্ট সমস্যাত পৰিছে সাধাৰণ মানুহ৷ কিন্তু আপুনি জানেনে, এই পৰিস্থিতিতো এনে বেংক আছে যিয়ে ৭ শতাংশ পর্যন্ত ইন্টাৰেষ্ট দিছে? বেংক চেভিংছ একাউণ্টৰ মাধ্যমত চেলাৰী, ইনভেষ্টমেণ্ট তথা লোন ইএমআই মেনেজ কৰা হয়৷ ইয়াৰ লগতে আপুনি এই বিষয়তো গুৰুত্ব দিব লাগিব যে, যি চেভিংছ একাউণ্টত আপুনি টকা জমা কৰিব তাৰ ওপৰত কিমান টকা সুত পাব। বৰ্তমান প্ৰায়বোৰ বেংকৰে সুতৰ হাৰ কম।
আইডিএফচি বেংকৰ গ্রাহকসকলে চেভিংছ একাউণ্টত ৬-৭ শতাংশ সুত লাভ কৰে। এই বেংকত গ্রাহকসকলে প্রতি মাহত ন্যূনতম ১০ হাজাৰ টকা ৰখাটো বাধ্যতামূলক ৷ আৰবিএল বেংক যিয়ে ৪.৭৫ ৰ পৰা ৬.৭৫ শতাংশ সুত দিছে গ্রাহকসকলক ৷ এই বেংকৰ মিনিমাম বেলেন্সৰ লিমিট ৫০০ ৰ পৰা ২৫০০ টকা ৷ চেভিংছ একাউণ্টত সকলোতকৈ অধিক সুত দিয়াৰ শীৰ্ষত আছে বন্ধন বেংক ৷ ৪ ৰপৰা ৭.১৫ শতাংশ সুত দিয়ে থাকে বন্ধন বেংকে ৷ ইয়াত ন্যূনতম বেলেন্সৰ লিমিট ৫০০০ টকা ৷ IndusInd বেংকে ৪ৰ পৰা ৬ শতাংশ সুত দিয়ে।