ষ্ট্ৰবেৰী:
ষ্ট্ৰবেৰী কেৱল এবিধ সোৱাদযুক্ত ফলেই নহয়, লগতে ই যথেষ্ট পুষ্টি সমৃদ্ধও। ষ্ট্ৰবেৰীৰ অন্যতম এটা গুণ হ'ল ই দাঁত পৰিষ্কাৰ কৰাতো সহায় কৰে। এই ফলবিধত মেলিক এচিড (malic acid) থাকে যি দাঁতৰ লেতেৰা আঁতৰ কৰাত সহায় কৰে। দাঁত উজ্জ্বল কৰিবলৈ, ষ্ট্ৰবেৰীবোৰ কাটি লওক আৰু ইয়াত দুই চিকুট বেকিং চ'ডা যোগ কৰক, তাৰ পিছত কেইমিনিটমানৰ বাবে দাঁতত ঘঁহি দিয়ক। ই দাঁতৰ হালধীয়া হোৱা আঁতৰ কৰি উজ্জ্বলতা বৃদ্ধি কৰিব।
কমলা :
কমলা স্বাস্থ্যৰ বাবে যিমান উপকাৰী সিমানেই হাড় আৰু দাঁতৰ বাবেও উপকাৰী। কমলা ভিটামিন চি আৰু কেলচিয়াম সমৃদ্ধ এবিধ ফল।কমলাই দাঁতৰ হালধীয়া হোৱা আঁতৰাই দাঁতবোৰ উজ্জ্বল কৰাত সহায় কৰে। (Disclaimer : এই প্ৰবন্ধৰ তথ্যসমূহ সাধাৰণ বিশ্বাসৰ ওপৰত আধাৰিত। নিউজ১৮ অসম নৰ্থ-ইষ্ট-এ এইবোৰ নিশ্চিত নকৰে। তথ্যসমূহ কায্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক)