যিমানেই ৱেব ভাৰ্ছন নাথাকক কিয়, এইপৰ্যন্ত WhatsApp ব্যৱহাৰ কৰিবলৈ গ’লে প্ৰাথমিক তথা মূল ডিভাইচ হিচাপে কাম কৰে আমাৰ স্মাৰ্টফোনে। সেয়া QR কোড স্কেন কৰি সংযুক্ত কৰিবলগা হয় ৱেব ভাৰ্ছনৰ সৈতে। তাৰ পিছত কেয়া কম্পিউটাৰ বা লেপটপত ব্যৱহাৰ কৰা হয়। এইক্ষেত্ৰত ফোনৰ চাৰ্জ যদি শেষ হৈ যায়, তেনেহ’লে সকলো সুবিধা উপভোগৰ সময়ো শেষ হৈ যায়। তদুপৰি, WhatsAppৰ ৱেব ভাৰ্ছন ঘনে ঘনে ডিছকানেক্ট হৈ যায়।
এই সকলো অসুবিধা দূৰ কৰি সংস্থাটোৱে এইবাৰ নতুন ফিচাৰ আনিবলৈ সাজু হৈছে, য’ত আমাৰ স্মাৰ্টফোন আৰু মূল ডিভাইচ হিচাপে কাম নকৰিব। তাৰ সলনি একেলগে WhatsApp কেইবাটাও ডিভাইচত, ফোনৰ চাৰ্জ শেষ হৈ গ’লেও আন ডিভাইচ সক্ৰিয় হৈ থাকিব, ফলত মেছেজ পঠিওৱা বা ৰিচিভ কৰাত কোনো সমস্যা নহ’ব। এই সুবিধা ইয়াৰ পূৰ্বে প্ৰতিদ্বন্দ্বী মেছেজিং এপ ছিগনেলে মুকলি কৰিছিল, এইবাৰ WhatsApp–এ কৰিবলৈ লৈছে।

