আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্যবৃদ্ধিৰ ফলত শুকুৰবাৰে ভাৰতীয় বজাৰতো সোণ আৰু ৰূপৰ মূল্য বৃদ্ধি পায়৷ মাল্টি কোমোডিটী এক্সচেঞ্জত আজিৰ দিনটোত সোণৰ মূল্য পুনৰ ৫২,০০০ টকালৈ বৃদ্ধি পাইছে৷ এমচিএক্সত পুৱা ৯.১০ মিনিটত ২৪ কেৰেট বিশুদ্ধ সোণৰ মূল্যত ৩০৮ টকা বৃদ্ধি হৈ প্ৰতি ১০ গ্ৰামৰ দামত ৫৭,০৭৫ টকা হৈছে৷ এক্সচেঞ্জত ট্ৰেডিঙৰ আৰম্ভণিতে সোণৰ দাম ৫১,৭০২ টকাত আৰম্ভণি হৈছিল। তাৰ পিছত, নিৰন্তৰ চাহিদা বৃদ্ধিৰ বাবে, সোণৰ মূল্য বৃদ্ধি হৈ প্ৰায় ৫২ হাজাৰ টকা হৈছেগৈ।
বিশ্বৰ বজাৰত সোণ আৰু ৰূপৰ মূল্য- ৰাছিয়া আৰু ইউক্ৰেইনৰ সংকটৰ বাবে অশোধিত আৰু গেছৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে বিনিয়োগকাৰীসকলে আকৌ এবাৰ সোণ আৰু ৰূপত বিনিয়োগ বৃদ্ধি কৰিছে৷ বিশ্ববজাৰত সোণৰ মূল্য ০.২২ শতাংশ বৃদ্ধি হৈ প্ৰতি আউন্সত ১৯৬২.৮৫ ডলাৰ হৈছে৷ ৰূপ০.১৬ শতাংশ বৃদ্ধি হৈ প্ৰতি আউন্সত ২৫.৯৬ ডলাৰ হৈছে৷