বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী মৌনি ৰয় ছচিয়েল মিডিয়াত অত্যন্ত সক্ৰিয়। নিজৰ আকৰ্ষণীয় সৌন্দৰ্যৰ বাবে বিভিন্ন সময়ত চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰে অভিনেত্ৰীগৰাকী। ছচিয়েল মিডিয়াত প্ৰায়ে ভাইৰেল হৈ পৰে অভিনেত্ৰীগৰাকীৰ বিভিন্ন ফটো। কিন্তু নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত ফটোশ্বুট কৰি থকাৰ মাজতে অস্বস্তিত পৰিল অভিনেত্ৰীগৰাকী। ক’লা পোছাক পৰিধান কৰি ফটোশ্বুট কৰি থকা অভিনেত্ৰীগৰাকীৰ সন্মুখলৈ আহে এটা সাপ। প্ৰথম অৱস্থাত গম পোৱা নাছিল অভিনেত্ৰীগৰাকীয়ে। কিন্তু কেমেৰামেনজনৰ তত্পৰতাত নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰে অভিনেত্ৰীগৰাকী। পিছত এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে কেমেৰামেন জনক ধন্যবাদ জনাই অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰী মৌনী ৰয়ৰ ফটো এতিয়া ভাইৰেল পৈ পৰিছে ছচিয়েল মিডিয়াত।