সুহানা খান! শ্বাহৰুখ খানৰ কন্যা। ২০১৯ চনত অভিনয় শিকিবলৈ নিউয়ৰ্ক বিশ্ববিদ্যালয়ত ভৰ্তি হৈছিল। ইংলেণ্ডৰ পৰা গ্ৰেজুয়েশ্যন শেষ কৰিছে সুহানাই। এতিয়া বিদেশৰ মাটিত ফটোশ্বুটত ব্যস্ত সুহানা। সম্প্ৰতি সুহানাই এখন মিৰৰ শ্বেলফি পোষ্ট কৰিছে তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত। ক'লা ৰঙৰ পোছাক পিন্ধা সুহানাৰ নতুন ফটো এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল। পতুৰ্গালত অৱসৰৰ সময় কটোৱাৰ সময়ত সুহানাই তোলা ৰঙা ৰঙৰ পোছাক পিন্ধা ফটোও বহুতে পচন্দ কৰিছিল। *সুহানা খান *বহুতে কৈছে যে, ষ্টুডেণ্ড অব দ্যা য়েৰ ২ত অভিনয় কৰিব পাৰে সুহানা খানে। ইনস্টাগ্রামত সুহানাৰ মুঠ ১.৫ মিলিয়ন ফলোৱাৰ্চ আছে। উল্লেখ্য যে,.কোৰোণা সংক্ৰমণৰ সময়ত মুম্বাইত নিজৰ পৰিয়ালৰ সৈতে সময় কটাইছিল সুহানাই। ২০২০ৰ শেষৰ ফালে পুনৰ নিউয়ৰ্কলৈ উভতি গৈছিল।