দেশৰ সৰ্ববৃহত্ বেংক ভাৰতীয় ষ্টেট বেংকত যদি আপোনাৰ একাউণ্ট আছে, তেন্তে এই খবৰ আপোনাৰ বাবে অতিকৈ জৰুৰী। জানিব পৰা গৈছে যে, কেইঘণ্টা মানৰ বাবে বন্ধ থাকিব ইণ্টাৰনেট বেংকিং সেৱা। বেংকৰ ফালৰ পৰা টুইটাৰৰ জৰিয়তে এই কথা স্পষ্টকৈ জনোৱা হৈছে। বেংকৰ ফালৰ পৰা জনোৱা হৈছে যে, ৪ ঘণ্টা ধৰি ইণ্টাৰনেট বেংকিং সেৱা বন্ধ থাকিব। জানিব পৰা গৈছে, ১৩ জুন ২০২১ত মেণ্টেনেন্সৰ কাৰণেই ইণ্টাৰনেট বেংকিং সেৱা বন্ধ থাকিব। ইণ্টাৰনেট বেংকিং, UPI, Yono App, Yono Lite সেৱা বন্ধ থাকিব। সমগ্ৰ দেশতে State Bank of Indiaৰ ২২ হাজাৰতকৈ বেছি শাখা আছে। সেইদৰে ৫৮ হাজাৰতকৈ অধিক এটিএম আছে। ৮.৫ কোটি গ্ৰাহকে ইণ্টাৰনেট বেংকিং আৰু ১.৯ কোটি গ্ৰাহকে মোবাইল বেংকিং সেৱা গ্ৰহণ কৰে। Yonoৰ আছে ৩.৪৫ কোটি ৰেজিষ্টাৰ্ড ব্যৱহাৰকাৰী। ৯০ লাখ মানুহে প্ৰতিদিনে লগ ইন কৰে।