দিনে দিনে বাঢ়িছে এ টি এমৰ পৰা ধন আত্মসাত্ কৰাৰ ঘটনা। গতিকে এইবাৰ এ টি এমৰ পৰা টকা উলিওৱাৰ নিয়ম সলনি কৰা হৈছে। এতিয়াৰ পৰা 24×7 অ’টিপি বেচড এটিএমৰ পৰা টকা উলিওৱাৰ সুবিধা দিব ষ্টেট বেংকে। ১৮ ছেপ্তেম্বৰৰ পৰা সমগ্ৰ দেশৰ এটিএমতে এই নতুন নিয়ম আৰম্ভ হৈছে। ইয়াৰ আগতে কেৱল নিশা ৮ বজাৰ পৰা পুৱা ৮ বজা পৰ্যন্ত ১০ হাজাৰ টকাতকৈ বেছি উলিয়ালে অ’টিপিৰ প্ৰয়োজন হৈছিল।