এগৰাকী তৰুণী ফুটবল খেলুৱৈ। মনত তাইৰ অযুত সপোন, বুকুত তাইৰ দুৰ্বাৰ হেঁপাহ। ৯ বাৰকৈ তাই অসমৰ মহিলা দলক প্ৰতিনিধিত্ব কৰিছে। ভাৰতীয় দলৰ হৈ পাকিস্তানত গৈ তাই উৰুৱাইছে বিজয়ৰ নিচান। কিন্তু বৰ্তমান উপেক্ষিত এইগৰাকী খেলুৱৈ। যুৱতীগৰাকীৰ নাম অঞ্জনা শইকীয়া। ঘৰ ডিব্ৰুগড় জিলাৰ গৰুধৰিয়াত। এগৰাকী প্ৰখ্যাত মহিলা ফুটবল খেলুৱৈ এইগৰাকী অঞ্জনা। ৰাজ্যিক পৰ্যায়তেই নহয়, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বহুবাৰ জিলিকিছে অঞ্জনা। কিন্তু এতিয়া অঞ্জনাই মাথোঁ নীৰৱে উচুপিছে। কাৰণ অঞ্জনা আৰ্থিক দীনতাই কোঙা কৰা এটা পৰিয়ালৰ সন্তান। এসাঁজ খাই এসাঁজ যোগান ধৰিব নোৱাৰে দুৰ্ভগীয়া পিতৃয়ে। পিতৃৰ মুখত হাঁহি বিৰিঙাবৰ বাবে ২০১১ চনত ঘৰৰ পৰা ওলাই আহিছিল অঞ্জনা। যোৰহাটৰ কাকজান বামকুকুৰাচোৱা গাঁৱৰ ৰবিন বৰা নামৰ লোকজনৰ ঘৰত আশ্ৰয় লৈ চলাই গৈছিল অনুশীলন। এতিয়া তাই ৰবিন বৰাৰ নিজ কন্যাৰ দৰে যদিও আৰ্থিক দীনতাৰ বাবেই এগৰাকী উদীয়মান প্ৰতিভাই আনৰ ঘৰত থাকিবলগীয়া হোৱাটো সঁচাকৈ দুখৰ কথা। আজিলৈ ৰজাঘৰীয়াৰ সুদৃষ্টি নপৰিল অঞ্জনাৰ ওপৰত। ৰাইজে আশা কৰিছে বিজেপি চৰকাৰে চকু তুলি চাব অঞ্জনালৈ। আৰ্থিক অনাটনৰ বাবেই অঞ্জনা আজি উপেক্ষিত। যাৰ বাবে খেলি ভাল পোৱা অঞ্জনাই আজি নীৰৱে টুকিবলগীয়া হৈছে চকুলো। উপযুক্ত সুবিধা পালে অঞ্জনাই হয়তো আৰু বহুদূৰ আগুৱাব পাৰিব। জিলিকাবলৈ সক্ষম হ’ব অসমৰ নাম।